অসমশেহতীয়া

ৰাজ‍্যৰ ১৬ খন জিলাত আৰম্ভ হ’ল প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সাজু আৰক্ষী প্ৰশাসন

গুৱাহাটী, ডিছেম্বৰ৫:
বুধবাৰে পুৱাৰ ভাগৰ পৰা আৰম্ভ হ’ল প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন।  ৰাজ্যৰ ১৬ খনকৈ জিলাত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনত ৰাজ্যৰ মুঠ ৭৮,৫৭১ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰ ভিতৰত প্ৰথম পৰ্যায়ত নিৰ্বাচনত সৰ্বমুঠ ৪৩,৫১৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ৭৩৪ গৰাকী প্ৰাৰ্থী। ইয়াৰে ৩৮০ গৰাকী বিজেপিৰ, ১৯৩ গৰাকী কংগ্ৰেছৰ, ২৮ গৰাকী অগপৰ, ১০ গৰাকী AIUDFৰ, এগৰাকী CPI(M)ৰ ৫গৰাকী BPFৰ আৰু ১১৭ গৰাকী নিৰ্দলীয় প্ৰাৰ্থী। প্ৰথম পৰ্যায়ত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে ৪৪২গৰাকী প্ৰাৰ্থী আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত জয়লাভ ২৯২ গৰাকী প্ৰাৰ্থীৰ।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে অসম আৰক্ষী তথা কেন্দ্ৰীয় নিৰাপত্তা বাহিনীসমূহে ৷ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত 1600টা ভোটগ্ৰহণ কেন্দ্ৰক স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰিছে অসম আৰক্ষীয়ে ৷ নিৰ্বাচনৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় ইয়াৰ ওপৰত তীক্ষ্ন দৃষ্টি ৰাখিছে জিলা প্ৰশাসন তথা অসম আৰক্ষীয়ে । নিৰ্বাচনী বিষয়া সকলৰ লগতে অসম আৰক্ষীৰ বিষয়া আৰু জোৱানসকল ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰত গৈ উপস্থিত হৈছে । প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’ব লগা ১৬ খন জিলাত ১৬০০ ভোট কেন্দ্ৰক অসম আৰক্ষীয়ে স্পৰ্শকাতৰ ভোট কেন্দ্ৰ বুলি চিহ্নিত কৰিছে ৷

comments

টেগ
Show More

Related Articles

Close