অসমগুৱাহাটীশেহতীয়া

প্ৰকাশ পালে দালাই লামাৰ ‘ধৰ্মৰ ঊৰ্দ্ধত: এখন পূৰ্ণ বিশ্বৰ বাবে নৈতিক প্ৰমূল্য’

গুৱাহাটী,৯নৱেম্বৰ:
বিশ্বত শান্তি প্ৰতিষ্ঠাৰ বাণী প্ৰচাৰ কৰা আৰু শান্তিৰ নবেল বঁটা বিজয়ী পুণ্যাত্মা দালাই লামাৰ জনপ্ৰিয় গ্ৰন্থ ‘বিয়’ণ্ড ৰিলিজিয়ন- এথিক্ছ্ ফ’ৰ এ হোল ৱৰ্ল্ড’ৰ অসমীয়া ৰূপান্তৰ প্ৰকাশ পালে। লয়াৰ্ছ বুক ষ্টলে   প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনৰ নাম ‘ধৰ্মৰ উৰ্দ্ধত: এখন পূৰ্ণ বিশ্বৰ নৈতিক প্ৰমূল্য’। অসমীয়ালৈ এইখন হ’ল দালাই লামাৰ দ্বিতীয় খন গ্ৰন্থ । ইয়াৰ পূৰ্বে দালাই লামাৰ আত্মজীৱনী ‘মোৰ দেশ আৰু মোৰ মানুহ’ নামেৰে প্ৰকাশ কৰিছিল লয়াৰ্ছে।
বিশ্ববাসীৰ মাজত সহানুভূতি আৰু কৰুণাৰ মাধ্যমেৰে সাম্য আৰু মৈত্ৰীৰ বাণী প্ৰচাৰ কৰাই এই গ্ৰন্থৰ মূল উদ্দেশ্য। তেওঁ লিখিছে – ‘সকলো ধৰ্মৰে মূল বাণী হৈছে মানৱ প্ৰেম আৰু কৰুণা। পৃথিৱী নামৰ গ্ৰহটোত বাস কৰা সাত মিলিয়ন লোকৰ সকলোৰে মানসিক অৱস্থা বেলেগ বেলেগ হোৱাটো তেনেই স্বাভাৱিক।’ এক গ্ৰন্থ সমীক্ষাত কোৱা হৈছে – দালাই লামা আলোক সন্ধানী বুদ্ধিমত্তা , প্ৰজ্ঞা, কৌতুকৰসবোধ, বিনম্ৰতা আৰু প্ৰত্যাশাৰে আলোকিত এই গ্ৰন্থ যেন আমি প্ৰত্যেক মানুহে নিজৰ জীৱন কালত সন্মুখীন হোৱা সেই অনুসন্ধিৎসা , প্ৰত্যেকৰে ক্ষেত্ৰত উদয় হোৱা এক মৌলিক প্ৰশ্ন- আমি মানৱতাৰ বাবে কি কাম কৰিব পাৰোঁ? – তাৰ গভীৰ চিন্তাৰ প্ৰতিফলন ঘটাই দিব খোজা উত্তৰৰ প্ৰথম পদক্ষেপ।”
পুণ্যাত্মাৰ এই গ্ৰন্থখনৰ অসমীয়ালৈ ভাঙনি কৰিছে লেখক তথা অনুবাদক দিতিমণি গগৈয়ে। তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুবাদ শাখাৰ স্পেচিয়েল অফিচাৰ হিচাপে কৰ্মৰত।
গ্ৰন্থ খন আজিৰে পৰা আৰম্ভ হোৱা উত্তৰ পূৱ গ্ৰন্থ মেলা আৰু সমাগত গুৱাহাটী গ্ৰন্থ মেলাত উপলব্ধ হ’ব। গ্ৰন্থখনৰ মূল্য  মাত্ৰ ১২০টকা।

comments

টেগ
Show More

Related Articles

Close