অসমগুৱাহাটী

মহানগৰীত আতচবাজী মুক্ত দীপাৱলী অভিযান

গুৱাহাটী,৬নৱেম্বৰ:

ৰাজ্যত এতিয়া  পোহৰৰ উৎসৱ  দীপাৱলীৰ উছাহ। দীপাৱলীৰ আনন্দৰ মাজতে মহানগৰীত গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। দীপাৱলীৰ সময়ত যাতে উচ্চ প্ৰাৱল্যৰ ফটকা, আতচবাজী নুফুটাই তাৰবাবে আহ্বান জনাইছে গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাৰ ডিভিজনেল ফ’ৰেষ্ট অফিচাৰ তেজচ মাৰিস্বামীয়ে।

চিৰিয়াখানাৰ উদ্যোগত “আতচবাজী মুক্ত দেৱালি” শীৰ্ষক এক সজাগতা কাৰ্যসূচী লয় চিৰিয়াখানাৰ স্বেচ্ছাসেৱক সকলে। কটন বিশ্ববিদ্যালয়, ৰয়েল গ্লৱেল ইউনিভাৰ্চিটীকে ধৰি কেইবাটাও প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীয়ে চলায় এই অভিযান। জু ৰোডত থকা প্ৰতিঘৰ মানুহৰ ঘৰে ঘৰে গৈ স্বেচ্ছাসেৱক সকলে ফটকা বৰ্জন কৰিবলৈ আহ্বান জনাই। আতচবাজী,ফটকা আদিৰ শব্দত জন্তুসমূহক ভীতিগ্ৰস্ত হোৱাৰ লগতে শব্দ প্ৰদূষণ ৰোধ কৰিবৰ বাবে এই আহ্বান।

comments

টেগ
Show More

Related Articles

Close