অসমপ্ৰযুক্তিবিজ্ঞান

ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল তেজপুৰৰ শিশু বিজ্ঞানী

তেজপুৰ,১নৱেম্বৰ:

আমাৰ অঞ্চলসমূহত অতি সহজে পোৱা গো মূত্ৰ আৰু থলুৱা গছ বনৰ পাতৰ সহায়ত প্ৰস্তুত কৰা কীটনাশক এবিধ অতি উত্তম কীটনাশক ৰূপে চিহ্নিত হৈছে ভাৰত আন্তঃ ৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱত । যোৱাটো সপ্তাহত ইন্দিৰা গান্ধী প্ৰতিষ্ঠানত অনুস্থিত হোৱা আন্তঃ ৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱত অসমৰ পৰা যোৱা গো মূত্ৰ আৰু থলুৱা গছ বনৰ পাতৰ সহায়ত কীটনাশক প্ৰস্তুত সম্পৰ্কীয় প্ৰকল্পটোৱে বিজ্ঞান মহোৎসৱত সমবেত হোৱা বিজ্ঞানীসকলৰ লগতে বিভিন্ন চৰকাৰী বেচৰকাৰীমহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাটো সমগ্ৰ ঢেঁকীয়াজুলিবাসীৰ লগতে ৰাজ্যখনৰ বাবেই এক অতি সুখৰ খবৰ। শাৰদীয় বতৰত সমগ্ৰ কৃষক সমাজলৈ এক সুখৰ বাৰ্তা কঢ়িয়াই এই প্ৰকল্পটো প্ৰস্তুত কৰি বিজ্ঞান মহোৎসৱত উপস্থাপন কৰে ঢেকীয়াজুলীৰ ছাত্ৰ গুঞ্জন নাথ আৰু বিশ্বজিত শৰ্মাই । ঢেকীয়াজুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ বিশ্বজিত শৰ্মা আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ গুঞ্জন নাথে ঢেকীয়াজুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা শোণিতপুৰ জিলাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ সমন্বয়ক গণেশ শৰ্মাৰ তত্বাৱধানত বহুজন সমাদৃত এই প্ৰকল্পটোৱে বিভিন্ন ব্যক্তিৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

comments

টেগ
Show More

Related Articles

Close