অসমউত্তৰ পূৰ্বাঞ্চলব্যৱসায়

আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত নতুন সম্ভাৱনা কঢ়িয়াই আনিছে অসমৰ কোমল চাউলে

৫ নৱেম্বৰত পৰা ছাংহাইত চীন আন্তঃৰাষ্ট্ৰীয় আমদানি এক্সপ'

গুৱাহাটী,৩০অক্টোবৰ:
অসমৰ প্ৰাকৃতিক ভাৱে উৎপাদিত কোমল চাউল(বোকা চাউল)ৰ চাহিদা এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰৰ দিশে আগবাঢ়িছে। এই চাউলে এতিয়া ভাৰত আৰু চীনৰ মাজত ব‍্যৱসায় বানিজ‍্য ত্বৰান্বিত কৰাৰ অন‍্যতম উপাদান হিচাপে পৰিগণিত হৈছে। এই বানিজ‍্য সম্পৰ্কক কোমল চাউলৰ যোগেদি নতুন ৰূপ দিয়াৰ প্ৰয়াস কৰিছে কেন্দ্ৰীয় উদ‍্যোগ আৰু বানিজ‍্য মন্ত্ৰালয়ৰ  অধীনৰ অন‍্যতম ৰপ্তানিকাৰী সংস্থা এপেদাই।
অহা ৫ নৱেম্বৰৰ পৰা ছাংহাইত অনুস্থিত হ’বলগীয়া ছয়দিনীয়া চীন আন্তঃৰাষ্ট্ৰীয় এক্সপ’ত অসমৰ কোমল চাউল প্ৰদৰ্শন কৰিব এপেদাই। কোমল চাউলৰ বাহিৰেও ইয়াত অৰুণাচলৰ কিৱি ৱাইনো তালিকাভুক্ত কৰা হৈছে। কোমল চাউল আৰু কিৱি ৱাইনৰ জৰিয়তে চীনৰ  উত্তৰ পূৱৰ সৈতে ভাল সম্পৰ্ক স্থাপন হ’ব বুলি আশা কৰিছে সংস্থাটোৱে। প্ৰায় ১৩০ খন দেশৰ ২৮০০ টা ব‍্যৱসায়িক প্ৰতিষ্ঠানে অংশগ্ৰহন কৰিব লগা এই আন্তঃৰাষ্ট্ৰীয়।এক্সপত প্ৰায় ১৫০০০০ ক্ৰেতাই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। এই বৃহৎ এক্সপ’ খন অনুষ্ঠিত কৰিছে চীন আন্তঃৰাষ্ট্ৰীয় আমদানি এক্সপ’ ব‍্যুৰ আৰু ছাংহাইৰ নেছনেল এগজিভিজন এণ্ড কনভেনছন চেন্টাৰ কোম্পানী লিমিটেডে।

comments

টেগ
Show More

Related Articles

Close