অসমশিক্ষা

মৰিগাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষৰ অভিনৱ পদক্ষেপ

গুৱাহাটী,২৭অক্টোবৰ:
মৰিগাঁও মহাবিদ্যালয় প্ৰদূষণ মুক্ত ভাৱে গঢ়ি তুলিবৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষই ললে এক অভিনৱ পদক্ষেপ। মহাবিদ্যালয়ৰ অধ্যক্ষই জাৰি কৰিছে এখন বিশেষ জাননী। জাননীখনত অধ্যক্ষ লীলা কান্ত বৰঠাকুৰে অধ্যপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলক বক্তিগত দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ পৰিৱৰ্তে মহাবিদ্যালয়লৈ শনিবাৰে নিজৰ চাইকেল বা ৰাজহুৱা বাহনত আহিবলৈ আহ্বান জনায়।  মহাবিদ্যালয়খনৰ চৌহদ প্ৰদূষণমুক্ত কৰিবলৈ অধ্যক্ষগৰাকীয়ে লৈছে এই বিশেষ পদক্ষেপ।
বৰ্ধিত হাৰত বাঢ়ি অহা প্ৰদূষণৰ সময়ত মহাবিদ্যালয় খনৰ অধ্যক্ষই লোৱা এই পদক্ষেপক সকলো বিজ্ঞ মহলে আদৰণি জনাইছে। লগতে এই ক্ষেত্ৰত তেওঁ নিজেই চাইকেল লৈ মহাবিদ্যালয়লৈ অহা পদক্ষেপক সকলোৱে সলাগ লৈছে। অনাগত দিনত এই ধাৰাতো আন আন প্ৰতিষ্ঠানৰ বাবেও আদৰ্শ হৈ উঠিৱ বুলি তেওঁ আশা প্ৰকাশ কৰিছে।

comments

টেগ
Show More

Related Articles

Close