প্ৰযুক্তিৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

তীখা উৎপাদনত আমেৰিকাক চেৰ পেলোৱাৰ দিশে ভাৰতবৰ্ষ

অনলাইন ৰিপৰ্ট,২৭অক্টোবৰ:
তীখা উৎপাদনত ভাৰতবৰ্ষই সৰ্বশক্তিমান আমেৰিকা যুক্তৰাষ্ট্ৰক পিছ পেলোৱাৰ দিশে আগবাঢ়িছে। ৱৰ্ল্ড ষ্টীল এছ’চিয়েচনে কৰা অনুমান অনুসৰি ভাৰতত প্ৰস্তুত সৰ্ম্পূণ তীখাৰ ব্যৱহাৰ চলিত বৰ্ষৰ ৯৫.৪ নিযুত টনৰ পৰা ২০১৯ত ১০২.৩ নিযুত টনলৈ বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে।  সেই হিচাপত ২০১৯ চনত সমগ্ৰ বিশ্বৰ ভিতৰতে তীখা ব্যৱহাৰত আমেৰিকাক চেৰ পেলাই দ্বিতীয় স্থান লাভ কৰিব ভাৰতে।
এই ক্ষেত্ৰত বাৰ্ষিক বিকাশৰ হাৰ হ’ব ৭.৩ শতাংশ। ইয়াৰ বিপৰীতে ২০১৯ ত আমেৰিকাৰ তীখাৰ ব্যৱহাৰ ১০২.২ নিযুত টনলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ৱৰ্ল্ড ষ্টীল এছ’চিয়েচনে। উল্লেখ্য যে, তীখা ব্যৱহাৰৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতৰ শীৰ্ষত আছে চীন। দেশখনত বাষিক ৭৮১ নিযুত টন তীখা ব্যৱহাৰ হয়।

comments

টেগ
Show More

Related Articles

Close