অসমগুৱাহাটী

প্ৰেছ ক্লাৱত কাৰ্টুন প্ৰদৰ্শন

গুৱাহাটী,২৭অক্টোবৰ:

জ্যেষ্ঠ কাৰ্টুনিষ্ট প্ৰদীপ নাথৰ শেহতীয়া সৃষ্টিৰ এখন প্ৰদৰ্শনী শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয়।প্ৰেছ ক্লাৱৰ সদস্য নাথে ডিজিটেল মাধ্যমত প্ৰায় ৪০খন শিল্প কৰ্মৰ সাংবাদিকৰ আগত প্ৰদৰ্শন কৰে। কাৰ্টুন সমূহ মূল উপজীব্য আছিল ৰাজ্যখনৰ বহুকেইগৰাকী প্ৰভাৱশালী ৰাজনৈতিক নেতাক অৱলম্বন কৰি নাথে কাৰ্টুন সমূহ সম্পূৰ্ণ কৰিছে।  প্ৰায় দুটা দশক ধৰি এই সাধনাত জড়িত নাথে এতিয়ালৈ সহস্ৰাধিক কাৰ্টুন সৃষ্টি কৰিছে আৰু বাতৰি কাকতৰ প্ৰকাশিত কার্টুন সমূহে পাঠক সমাজৰ দৃষ্টি আকৰ্ষণ কৰিছে।  আনহাতে পৰৱৰ্তী সময়ত আন আন কার্টুনিষ্ট সকলৰো সৃষ্টি ৰাজী প্ৰদৰ্শনত প্ৰেছ ক্লাৱে গুৰুত্ব আৰোপ কৰিব জনাইছে প্ৰেছ ক্লাৱৰ তৰফৰ পৰা।

comments

টেগ
Show More

Related Articles

Close