অসমগুৱাহাটীচিনেমা

আজিৰে পৰা ৭ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব দ্বিতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ

গুৱাহাটী,২৫অক্টোবৰঃ

আজিৰে পৰা ২৫ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ ৭ দিনীয়া কাৰ্যসূচীৰে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু জ্যোতিচিত্ৰ বনত আয়োজিত হ’ব দ্বিতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ। অসম সাংস্কৃতিক সঞ্চালকালয়,ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ উদ্যোগত উদ্যোগত অনুষ্ঠিত হ’ব দ্বিতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। প্ৰায় ৩ কোটি টকা ব্যয় সাপেক্ষে এই মহোৎসৱখনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু জ্যোতি চিত্ৰবনত প্ৰদৰ্শিত কৰা হ’ব ৬০খনকৈ ৰাষ্ট্ৰৰ ১০৮খন ছবি। ৩০খন ৰাষ্ট্ৰৰ প্ৰতিনিধি, শিল্পী তথা কলা-কুশলীয়ে অংশ ল’ব এই মহোৎসৱত। উত্তৰ-পূবৰ ৮খন ৰাজ্যৰ কিছু নিৰ্বাচিত ছবিক লৈ এখন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হ’ব এই মহোৎসৱত।

এইবাৰৰ সকলোতকৈ আকৰ্ষণীয় দিশ হ’ল যে জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ প্ৰযোজনা তথা জাহ্নু বৰুৱাৰ নিৰ্দেশনাত পোনপ্ৰথমবাৰৰ বাবে নিৰ্মীত হোৱা ছবি ‘ ভগা খিৰীকিৰ’ প্ৰিমীয়াৰ। ২৫ অক্টোবৰত এই ছবি খনৰ প্ৰিমীয়াৰৰ যোগেদিয়েই আৰম্ভ হ’ব দ্বিতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ। উল্লেখযোগ্য যে,কামৰূপ মহানগৰ জিলা আৰু ইয়াৰ দাঁতি কাষৰীয়া জিলা সমূহৰ ছাত্ৰ ছাত্ৰী সমুহৰ বাবে বিনামূলীয়া বাছ সেৱাৰ ব্যৱস্থা কৰাৰ উপৰিও দুয়োটা উপত্যকাৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ পাঁচ শতাধিক ছাত্ৰ ছাত্ৰী থকাৰ ব্যৱস্থা কৰা হব বুলিও জানিবলৈ দিয়ে।

comments

টেগ
Show More

Related Articles

Close