চিনেমাবিনোদনৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ভাইৰেল হ’ল প্ৰিয়ংকাৰ স্বামী ঘৰৰ ফটো

গুৱাহাটী,২৫অক্টোবৰ:
ভাইৰেল হ’ল প্ৰিয়ংকাৰ স্বামীৰ ঘৰ। ভাইৰেল হোৱাৰ পাচতে বিশেষ চৰ্চালৈ আহিছে ঘৰটো। অসম পৰ্যটনৰ বেণ্ড এম্বেচাদৰ তথা দেশী গাৰ্ল প্ৰিয়ংকাই শহুৰৰ ঘৰখনত কেনে হ’ব এই লৈ বিশেষ চৰ্চা লাভ কৰিছে সকলোৰে মাজত!
আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও খবৰ অনুসৰি চলিত বৰ্ষৰ ৩০ নৱেম্বৰত বিয়া প্ৰিয়ংকা-নিকৰ। প্ৰিয়ংকাৰ হব’লগীয়া শহুৰৰ ঘৰখন কেনে হব !
এই সকলো উৎসুকতাৰ মাজতে খবৰ আহিছে, প্ৰিয়ংকাৰ ভাবী স্বামী নিকে কেলিফৰ্ণিয়াৰ বেবলৌ হিলচত ক্ৰয় কৰিছে এটা ঘৰ। ঘৰটোৰ মূল্য ৪৮ কোটি টকা। বিয়াৰ পাছত এই ঘৰটোতে যুগ্মজীৱনৰ পাতনি মেলিব প্ৰিয়ংকা- নিকে। ঘৰটোৰ ভিতৰত আছে সকলো ধৰণৰ সা-সুবিধা।
ঘৰটোত আছে ৫ টা বৃহৎ শুৱনি কোঠা লগতে আছে ৪ টা গাধোৱা ঘৰ। কেৱল এয়াই নহয় জিৰণী কোঠাৰ পৰা আদি কৰি চুইমিং পুলৰ লৈকে সকলোবোৰ আছে নিকে ক্ৰয় কৰা এই নতুন ঘৰটোত। মুঠৰ ওপৰত সকলো ধৰণৰ উন্নত মানৰ সুবিধাই পোৱা যাব এই ঘৰটোত।

comments

টেগ
Show More

Related Articles

Close