প্ৰযুক্তিৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

চীনত মুকলি কৰা হ’ল বিশ্বৰ দীৰ্ঘতম দলং

গুৱাহাটী,২৫অক্টোবৰ:
চীনত মুকলি কৰা হ’ল বিশ্বৰ ভিতৰতে দীৰ্ঘতম দলং। বহু চৰ্চিত ৫৫ কিঃমিঃ দৈৰ্ঘৰ বিশ্বৰ দীৰ্ঘতম দলংখন মঙলবাৰে চীনত আনুষ্ঠানিকভাৱে উন্মোচন হোৱাৰ লগে লগে বিশ্বৰ প্ৰযুক্তিত এক নতুন অধ্যায়ৰ সূচনা হৈছে৷ হংকংৰ মকাও আৰু চুংহুই চহৰ সংলগ্ন কৰা দলংখন মঙলবাৰে আড়ম্বৰপূৰ্ণ এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে মুকলি কৰে চীনৰ ৰাষ্ট্ৰপতি চি চিনফিঙ্গে।
সাগৰৰ বক্ষভেদ কৰি নিৰ্মাণ কৰা এই দীৰ্ঘতম দলং খন নিৰ্মাণ কৰোঁতে ৭বছৰ সময়ৰ প্ৰয়োজন হ’ল।
প্ৰায় ২০ আৰব ডলাৰ ব্যয়েৰে নিৰ্মাণ কৰা এই দলংখন যাতায়তৰ বাবে মুকলি কৰি দিয়া হ’ব বুধবাৰে। চীনৰ লিঙ্গদিঙয়াঙ্গ জলক্ষেত্ৰৰ ওপৰত নিৰ্মাণ কৰা এই দলংখনেই সাগৰত নিৰ্মাণ কৰা বিশ্বৰ সবাতোকৈ দীৰ্ঘতম দলং।

comments

টেগ
Show More

Related Articles

Close