অসমগুৱাহাটীৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়শিক্ষা

ইউ এছ টি এমৰ বিশেষ সমাৰ্বতন ২০১৮

গুৱাহাটী,২৪অক্টোবৰ:
হোটেল তাজ ভিভান্টাত আজি অনুস্থিত হয় ইউ এছ টি এমৰ বিশেষ সমাৰ্বতন ২০১৮। এই বিশেষ সমাৰ্বতনত উপস্থিত থাকে ই জি চি চেয়াৰমেন আব্দুল মান্নান। লগতে উপস্থিত থাকে অসমৰ শিক্ষ‍্যামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য।
এই সভাতেই বাংলাদেশৰ চেয়াৰমেন আব্দুল মান্নানক ডি লিট উপাধিৰে  সন্মানিত কৰা হয়।
বহু কেইখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই অংশগ্ৰহন কৰা সভাখনত বাংলাদেশ আৰু ভাৰতৰ মাজত বিশেষ মৈত্ৰীৰ বান্ধোনৰ সংকল্প লোৱা হ’য়। সভাখনত ভাৰত আৰু বাংলাদেশৰ মাজত উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিশেষ বুজা পৰা হ’ব বুলি আশা প্ৰকাশ কৰিছে বাংলাদেশৰ অনুদান আয়োগৰ চেয়াৰমেন আব্দুল মান্নানে।

comments

টেগ
Show More

Related Articles

Close