কথোপকথনগুৱাহাটী

অগপ বিধায়ক সত‍্যব্ৰত কলিতাৰ সৈত আছুতীয়া সাক্ষাৎকাৰ- ভিডিঅ’ৰ সৈতে

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰতিক্ৰিয়া বিধায়ক কলিতাৰ

গুৱাহাটী,২২অক্টোবৰ:

প্ৰশ্ন- বৰ্তমান চৰকাৰ খনৰ প্ৰায়বোৰ বৰমূৰীয়াই অসম আন্দোলনৰ নেতৃত্বত দিছিল কিন্তু বৰ্তমান সময়ত তেওঁলোকে দুমূখীয়া স্থিতিক লৈ আপুনি কি ক’ব?

বিধায়ক কলিতা- তেওঁলোকে কি কৰে নকৰে সেইটো তেওঁলোকৰ কথা কিন্তু আমি কোনো মতেই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’ব নিদিওঁ। দৰকাৰত আমি যিকোনো পৰ্যায়লৈ যাবলৈ সাজু আছো।

অসমবাসী ৰাইজৰ প্ৰতি আহ্বান বিধায়ক সত‍্যব্ৰত কলিতাৰ।

প্ৰশ্ন- নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক লৈ আপোনাৰ মতামত কি?

বিধায়ক কলিতা- এইখন এখন জাতিধংসী বিধেয়ক ইয়াৰ দ্বাৰা অসমৰ অস্তিত্ব বিপন্ন হ’ব। ইয়াৰ কোনো যুক্তিযুক্ততা নাই। আমি ইয়াৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছো লগতে আমি কোনোপধ্যে এই বিধেয়ক গৃহীত হ’ব নিদিওঁ।

প্ৰশ্ন- মঙলবাৰে হ’ব লগা আপোনালোকৰ প্ৰতিবাদী সমদলৰ বিষয়ে কি কব?

বিধায়ক কলিতা- আমি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতা কৰি কাইলৈ এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো। কাইলৈ আমাৰ এই প্ৰতিবাদী কাৰ্যসূচীত অসমৰ চুকে কূনে থকা সকলো কৰ্মীয়ে সহযোগ কৰিব। লগতে আমি ৰাইজৰো সহযোগিতা পাম বুলি পূৰ্ণ আশাবাদী।

প্ৰশ্ন- কাইলৈ হ’ব লগা প্ৰতিবাদী সমদলৰ বিষয়ে ৰাইজক আপুনি কি আহ্বান জনাব বিছাৰে?

বিধায়ক কলিতা- আমি আপোনালোকৰ মাধ‍্যমেৰে ৰাইজক আমাৰ এই প্ৰতিবাদী কাৰ্যসূচীত সহায় সহযোগিতা কৰিবলৈ আহ্বান জনাইছো। এই বিধেয়ক খনে অসমৰ অস্তিত্ব সমূলি শেষ কৰিব সেয়া সত‍্য। সেয়েহে এই ক্ষেত্ৰত ৰাইজ সজাগ হোৱাৰ প্ৰয়োজন আহি পৰিছে। কাইলৈ হ’ব লগা প্ৰতিবাদী কাৰ্যসূচীত ৰাইজৰ উপস্থিতি কামনা কৰিলোঁ।

comments

টেগ
Show More

Related Articles

Close