অসমগুৱাহাটী

কামাখ্যা ধামত মুখ্যমন্ত্ৰী


গুৱাহাটী,১৮অক্টোবৰ:

বুধবাৰে হৈ যায় মহাষ্টমী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পূজাস্থলী সমূহত পুৱাৰে পৰা দেৱীৰ আশীষ বিচাৰি ভক্তৰ লানিনিছিঙা সমাগম পৰিলক্ষিত হয়। ইয়াৰ ব্যতিক্ৰম নহ’ল শক্তিপীঠ মা কামাখ্যা ধামতো। আজি ৰাজ্যবাসীৰ মংগল কামনাৰ উদ্দেশ্যে শক্তিপীঠত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ।


আনহাতে শক্তিপীঠ কামাখ্যাত মহালয়াৰ দিনৰেপৰা দেৱী দুৰ্গাৰ পূজা চলি আহিছে। কুমাৰী পূজা কামাখ্যাৰ এক বিশেষ পূজা হিচাপে গণ্য কৰা হয়। ইয়াত দেৱীৰ কুমাৰী ৰূপক পূজা কৰা হয়। দুৰ্গা পূজাৰ সময়ত প্ৰতিপদৰ আৰম্ভ কৰি নৱমী লৈ মুঠ ৪৫ গৰাকী কুমাৰী ছোৱালীক পূজা কৰা হয় ,যদিও বছৰৰ গোটেই সময়তে এই কুমাৰী পূজা কামাখ্যাত চলি থাকে কিয়নো ভিন্ন প্ৰান্তৰ পৰা অহা লোকে ইয়াত আহি কুমাৰী পূজা কৰে। আনহাতে পৰম্পৰা অনুসৰি প্ৰতি বছৰৰ দৰে এইবাৰো পূজাৰ প্ৰতিটো দিনত বলি দিয়া হব বুলি জানিব দিছে দেৱোত্তৰ সমিতিয়ে।

comments

টেগ
Show More

Related Articles

Close