অসমগুৱাহাটীপৰ্যটন

মুকলি হ’ল‌ অসম পৰ্য্যটন ক্ষেত্ৰৰ বিজ্ঞাপন


গুৱাহাটী,১৬অক্টোবৰ:

অসম প্ৰকৃতিৰ ৰম্যভূমি অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্যত মোহিত হৈ বছৰি দেশ বিদেশৰ বিভিন্ন পৰ্যটক আহি ভিৰ কৰেহি। অসমৰ পৰ্যটন ক্ষেত্ৰখনক এক উন্নতমান প্ৰদান কৰাৰ উদ্দেশ্যে তথা অসমৰ পৰ্যটনক গোটেই বিশ্বত প্ৰসাৰ কৰাৰ উদ্দেশ্যে মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক অসমৰ পৰ্য্যটন বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে চুক্তিবদ্ধ কৰা হৈছিল আৰু ইয়াৰ পিছতে অসমৰ পৰ্য্যটন ক্ষেত্ৰত বিশেষ প্ৰভাৱ পৰিছে এই মন্তব্য অসম পৰ্য্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ।

এতিয়া শীতৰ বতৰ । শীত মানে বনভোজ , শীত মানে আনন্দ আৰু এই শীতৰ সময়তে অসমৰ সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগৰ বাবে বছৰি দেশ বিদেশৰ ভিন্ন প্ৰান্তৰ লোক আহি উপস্থিত অসমৰ পৰ্য্যটন ক্ষেত্ৰ সমূহত। এনে পৰিপ্ৰেক্ষিতত অলপতে হোটেল তাজ ভিভেণ্টাত অসম পৰ্য্যটন বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ গৰাকীৰ ফটো সম্বলিত ৫৬ খন স্থিৰ চিত্ৰ, এটা ৰেডিঅ এপৰ লগতে কেইবাটাও দৃশ্য -শ্ৰৱ্য সন্মিলিত বিজ্ঞাপন। এই আটাই কেইটা বিজ্ঞাপন ছপা মাধ্যম, বিদ্যুতিক মাধ্যম, ৰ লগতে বৰ্তমান সময় জনপ্ৰিয় হোৱা চচিয়েল মেডিয়া আৰু ডিজিটেল মিডিয়াত উপলদ্ধ হব। এই কথা সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে জয়ন্ত মল্ল বৰুৱাই।

comments

টেগ
Show More

Related Articles

Close