অসমগুৱাহাটী

আজি সপ্তমী

দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰিত সমগ্ৰ ৰাজ্য

গুৱাহাটী,১৬অক্টোবৰ:
আজি সপ্তমী। শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য। আজি কালৰাত্ৰি ৰূপত পূজিত হ’ব দেৱী দুৰ্গা। অপশক্তি নাশৰ কামনাৰে দেৱী দুৰ্গাক স্তুতি ভক্তৰ। ঢাকৰ শব্দ, মন্ত্ৰোচ্চাৰণ, ঘণ্টা, শংখধ্বনি, উৰুলীৰে গুঞ্জৰিত প্ৰতিটো পূজা মণ্ডপ।
পূজাথলী সমূহত ভিৰ কৰিছে ভক্তই। উজনিৰ পৰা নামনিলৈ পৰিলক্ষিত হৈছে শাৰদীয় দুৰ্গোৎসৱৰ উছাহ। সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীতো দুৰ্গোৎসৱৰ ব্যাপক  উছাহ। চমৎকাৰী পূজা মণ্ডপ আৰু কাৰিকৰী কৌশলে আকৰ্ষিত কৰিছে ভক্তসকলক। ভক্তৰ  সুৰক্ষাৰ বাবে মহানগৰীৰ প্ৰতিখন পূজাথলীত স্থাপন কৰা হৈছে চি চি টিভি কেমেৰা।

comments

টেগ
Show More

Related Articles

Close