গুৱাহাটী

গুৱাহাটী চিৰিয়াখানাৰ ৬৪তম পথ সাৰ্বজনীন পূজাৰ এক প্ৰতিবেদন

গুৱাহাটী,১৪অক্টোবৰ:

আৰম্ভ হল শাৰদীয় দূৰ্গা পূজা । শক্তিৰ অধিষ্ঠা দেৱী দূৰ্গা । জ্যোতিষী শাস্ত্ৰ অনুসৰি এইবাৰ দেৱীৰ ঘোঁৰাত আগমন আৰু দোলাত গমন। পূজা উপলক্ষে ইতিমধ্যে আৰম্ভ হৈছে উখল মাখল পৰিবেশ।  বৰ্তমান সময়ত পূজা বুলি কলে যাক যমকতাৰ কথাই মনলৈ আহে। গুৱাহাটীৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে পূজা। এইক্ষেত্ৰত চিৰিয়াখানাৰ পথ সাৰ্বজনীন পূজাও অন‍্যতম।

গুৱাহাটী চিৰিয়াখানাৰ ৬৪তম পথ সাৰ্বজনীন পূজাৰ প্ৰতিমা।

 

আজি আপোনালোকক দেখুৱাম চিৰিয়াখানা সাৰ্বজনীন পূজাৰ আয়োজন কাৰ্যসূচীৰ লগতে দেৱী মা দূৰ্গাৰ মূৰ্ত্তি। আয়োজক সমিতিৰ সম্পাদক ভবেন্দ্ৰ নাৰায়ণ কলিতাৰ লগত হোৱা কথা বাৰ্তাত তেওঁ পূজাৰ  সকলো অনুষ্ঠানৰ বিষয়ে আমাক অৱগত কৰে।

পূজাৰ মুঠ বাজেট ১১পৰা ১২ লাখ টকা। পূজাক লৈ বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰা হৈছে। ১৬ অক্টোবৰত নাগাৰা নাম পৰিৱেশন কৰিব ৰুমী বৰুৱাই। ১৭ আৰু ১৮ অক্টোবৰত ক্ৰমে অসমী পাপেট থিয়েটাৰ আৰু সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হব।

comments

টেগ
Show More

Related Articles

Close