অসমগুৱাহাটী

জাতীয়াবাদৰ অক্লান্ত সংগ্ৰামী খনীন্দ্ৰ চন্দ্ৰ দাসলৈ শ্ৰদ্ধাঞ্জলি

গুৱাহাটী,১৩অক্টোবৰ:
সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত আজি জাতীয়তাবাদৰ অক্লান্ত প্ৰহৰী খনীন্দ্ৰ চন্দ্ৰ দাসলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
অসম আন্দোলনৰ সময়ৰে পৰা মৃত্যুৰ আগমুহূৰ্ত লৈকে খনীন্দ্ৰ চন্দ্ৰ দাস সদৌ অসম ছাত্ৰ সন্থাৰ অভিভাৱক হিচাপে কাম কৰি আছিল। খনীন্দ্ৰ চন্দ্ৰ দাস আছিল অসম আন্দোলনৰ এজন অক্লান্ত প্ৰহৰী। অসমক মনে প্ৰাণে ভাল পাইছিল খনীন্দ্ৰ দায়ে।  এই কথা আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰকাশ কৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যই।
অসম সাহিত্য সভাৰ সভাপতিৰ হৈ সঞ্জীৱ কুমাৰ শৰ্মায়ো খনীন্দ্ৰ চন্দ্ৰ দাসক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লগতে বৰ্তমান চৰকাৰ খনে হিন্দু বাংলাদেশীৰ সংস্থাপন প্ৰসংগতো উল্লেখ কৰে। সঞ্জীৱ কুমাৰ শৰ্মাই কয় মৃত্যুৰ আগ মুহূৰ্ততো খনীন্দ্ৰ দায়ে হিন্দু বাংলাদেশী সংস্থাপনৰ বিষয়তোক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল আৰু লগতে চৰকাৰত থকা পূৰ্বৰ আন্দোলনৰ সদস্য সকলৰ স্থিতিক লৈ দুখ প্ৰকাশ কৰিছিল।
শ্ৰদ্ধাঞ্জলি সভাত চিন্তাবিদ হাইদৰ হুছেইন , সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় আৰু অৰ্ধকেন্দ্ৰীয় পৰিষদৰ বিষয়ববীয়া, অসম সাহিত্য সভাৰ প্ৰতিনিধি আৰু  বহুতো গন্য মান্য ব্যক্তি উপস্থিত থাকে।

comments

টেগ
Show More

Related Articles

Close