অসমউত্তৰ পূৰ্বাঞ্চলগুৱাহাটীব্যৱসায়শেহতীয়া

হোটেল ৰাজমহলত এছিয়ান ফুড্ ফেষ্টিভেল

গুৱাহাটী ৯ আগষ্ট : গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত অৱস্থিত চাৰি তাৰকাযুক্ত হোটেল ৰাজমহলত শুক্ৰবাৰৰপৰা অনুষ্ঠিত হ’ব এছিয়ান ফুড্ ফেষ্টিভেল। মূলতঃ এমাহজুৰি চলিব লগীয়া এই খাদ্য মেলা খনত ভাৰতবৰ্ষৰ বিভিন্ন থলুৱা খাদ্যৰ লগতে এছিয়া মহাদেশৰ বিভিন্ন অঞ্চল যেনে থাইলেণ্ড, বেংকক, মালয়েচিয়া আদি দেশৰ Thai salad with peanut dressing, vegetable Malay curry , Rickshaw noodles salad আদিৰ দৰে সুস্বাদু খাদ্য উপলব্ধ হ’ব।

বৃহস্পতিবাৰে এখন সংবাদ মেলত ৰাজমহল হোটেলৰ মহাপ্ৰবন্ধক পাৰ্থ চেট্টাৰ্জীয়ে কয় যে মূলত বিভিন্ন দেশৰ খাদ্য সম্ভাৰৰ লগত উত্তৰ পূৰ্বাঞ্চলৰ মানুহক পৰিচয় কৰি দিয়াৰ উদ্দেশ্যেই এই খাদ্যমেলাখন অনুষ্ঠিত কৰা হৈছে ।

ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহলৈ চলিবলগীয়া এই খাদ্যমেলাখনত প্ৰথম অৱস্থাত বিভিন্ন দেশৰ ১৫ বিধ খাদ্য অন্তৰ্ভুক্ত কৰা হ’ব যদিও পিছৰ পৰ্য্যায়ত গ্ৰাহকৰ সহাঁৰি অনুসৰি আৰু নতুন নতুন খাদ্য অন্তৰ্ভুক্ত কৰিব বুলি হোটেল কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।

comments

টেগ
Show More

Related Articles

Close