অসমগুৱাহাটীশিক্ষাশেহতীয়া

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ, ৬০০ জনক ডিগ্ৰী প্ৰদান

গুৱাহাটী, ৮ আগষ্ট: গুৱাহাটী বিশ্ববিদ্যালয়ৰ সপ্তবিংশতম দীক্ষান্ত সমাৰোহ আজি বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ পেক্ষাগৃহত অনুষ্ঠিত হয়। দীক্ষান্ত সমাৰোহত উপস্থিত থাকে অসমৰ ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য্য  জগদ্বীশ মুখী । ভাষণ প্ৰসংগত ৰাজ্যপালে কয় যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শেহতীয়া উত্তৰণে সমগ্ৰ দেশতে ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে।

সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজস্থান কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ আচাৰ্য্য তথা মহাকাশ বিশেষজ্ঞ ড. কৃষ্ণাস্বামী কষ্টোৰীৰংগন।

গুৱাহাটী বিশ্ববিদ্যালয়ে এই বৰ্ষত দীক্ষান্ত সমাৰোহৰ জৰিয়তে সৰ্বমুঠ ৬০০ শিক্ষাৰ্থীক বিভিন্ন ডিগ্ৰী প্ৰদান কৰে।

অনুষ্ঠানটোত অসমৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যও উপস্থিত থাকে । ভাষণ প্ৰসংগত তেওঁ শিক্ষাৰ্থী আৰু কৰ্তৃপক্ষক পৰম্পৰাগত শিক্ষাৰ লগতে কাৰিকৰী শিক্ষাৰ ওপৰতো সমানে গুৰুত্ব দিবলৈ আহ্বান জনায়।

comments

টেগ
Show More

Related Articles

Close