অসমগুৱাহাটীশেহতীয়াসাম্প্ৰতিক

‘ৰসৰাজ’ৰ সংগ্ৰহালয় মুকলি

গুৱাহাটী, ৪ আগষ্ট:

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে অলপতে স্মৰণ কৰা হয় ‘বাঁহী’ আলোচনীৰ স্ৰষ্টা লক্ষ্মীনাথ বেজবৰুৱাক। এই উপলক্ষে মহানগৰীৰ কলাক্ষেত্ৰত মুকলি কৰা হয় সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ নামত নিৰ্মিত এটি সংগ্ৰহালয় ।

সংগ্ৰহালয়টো আনুষ্ঠানিক ভাৱে মুকলি কৰে সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নৱ দলেই। সংগ্ৰহালয়টোত আছে বেজবৰুৱাৰ জীৱনৰ প্ৰতিটো মুহূৰ্তৰ বৰ্ণনা।

সংগ্ৰহালয়টো স্থাপন কৰাৰ মূল উদ্দেশ্য হৈছে যুৱ প্ৰজন্মক লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদানসমূহৰ বিষয়ে চিনাকি কৰি দিয়া।

সাহিত্য সভাৰ প্ৰাক্তন সভাপতিজনৰ ৮০ সংখ্যাক মৃত্যুবাৰ্ষিকী উপলক্ষে অনুষ্ঠিত মুকলি অনুষ্ঠানত মন্ত্ৰী জনৰ উপৰিও উপষ্ঠিত থাকে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ডঃহিতেশ ডেকা আৰু কেইজানো বিশিস্ট ব্যক্তি।

আনহাতে, উৰিষ্যাৰ সম্বলপুৰৰ লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহ সংৰক্ষণৰ কাম প্ৰাৰম্ভিক পয্যায়ত চলি থকাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী জনে।

comments

টেগ
Show More

Related Articles

Close