অসমজীৱিকানিয়োগব্যৱসায়শেহতীয়া

মৎস্য উৎপাদনেৰে জাগৰণৰ প্ৰয়াস গহপুৰৰ অনুপ শৰ্মাৰ

বিষাক্ত ফৰ্মেলডিহাইডযুক্ত মাছৰ বিপৰীতে আশাৰ বতৰা

অনুপ শৰ্মা আৰু সত্য গোস্বামী (বাওঁফালৰ পৰা)

উজ্জ্বল বৰা

গুৱাহাটী, ২২জুলাই:

উদ্ভিদ বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী তেওঁ। কিবা এক নতুন কাম কৰাৰ দুৰ্বাৰ হেঁ‌পাহৰ বাবেই বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ জকাপৰা গাৱত ককাদেউতাকে ১৯৫২ চনতেই কিনি থোৱা ১৫ বিঘা পতিত মাটিত নিজৰ ভাই আৰু বন্ধুক লৈ মাছ প্ৰতিপালন কৰা আজি দুবছৰেই হ’ল তেওঁৰ। বিগত বৰ্ষত প্ৰায় এক টন মাছ বিক্ৰী কৰিবলৈ সক্ষম হৈছিল তেওঁলোক।


‘মহাবাহু ফিছাৰিজ প্ৰাইভেট লিমিটেড কম্পেনী’ নাম পঞ্জীয়ন কৰি আৰম্ভ কৰা তেওঁৰ মীন পালনে এতিয়া ৮০ বিঘা মাটি সামৰি এক বৃহৎ মস্য উৎপাদনৰ দিশে অগ্ৰসৰ হৈছে। তেওঁৰ নাম অনুপ শৰ্মা। বিশ্ববিদ্যালয়ৰে বন্ধু সত্য গোস্বামীক লগত লৈ এই অভিলাষী প্ৰকল্প হাতত লৈছে অনুপে।

অন্ধ্ৰপ্ৰদেশৰ পৰা বিষাক্ত ফৰ্মেলডিহাইডত সংৰক্ষন কৰি অনা মাছৰ বিকল্প হিচাবে অহা ৫ বছৰৰ ভিতৰত ২০০০ বিঘা মাটি সামৰি উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ মীন উদ্যোগলৈ ইয়াক গঢ়ি তুলি সম্পূৰ্ণ জৈৱিক প্ৰথাৰে মাছ উৎপাদন কৰা হ’ব বুলি প্ৰকাশ কৰে অনুপ শৰ্মাই।

সম্পূৰ্ণ পতিত আৰু খেতিৰ অতিকৈ অনুপযোগী মাটিক কেনেদৰে মৎস্য পালনেৰে লাভমান ভূমিলৈ ৰূপান্তৰ কৰি স্বাৱলম্বন হ’ব পাৰি সেয়াই হ’ল উঠি অহা যুৱচামলৈ দেখুওৱা তেওঁলোকৰ নিদৰ্শন।

comments

টেগ
Show More

Related Articles

Close