অসমগুৱাহাটীশিক্ষাশেহতীয়া

জি. আই. এম. টি. ত ‘স্মাৰ্ট  ইণ্ডিয়া হেকাথন ২০১৮’ৰ সামৰণি

গুৱাহাটী , ১ এপ্রিল : যোৱা ৩১ মাৰ্চ ২০১৮ ৰ নিশা ৮ বজাত ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০১৮’ৰ সামৰণি অনুষ্ঠান দেশৰ ২৮ বিভিন্ন ন’ডেল কেন্দ্রৰ লগতে গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজি প্রতিষ্ঠানত সামান্তৰালভাবে অনুষ্ঠিত হয় । ৩৬ ঘণ্টীয়া বিৰামহীন কডিঙৰ অন্তত মধ্যপ্রদেশৰ দেৱী অহল্যা বিশ্ববিদ্যালয়ৰ প্রতিযোগীদল ‘টেক এচেছ(Tech Aces)’, অৰিয়েণ্টেল ইনষ্টিটিউট অৱ চায়েন্স এণ্ড টেকন’লজি , মধ্যপ্রদেশৰ ‘চিপৰছ( Ciphers) ’ দল আৰু গুজৰাটৰ ইউ. ভি. পেটেল কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ ‘UPCE01’ দলে ক্রমে প্রথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে। বিজয়ী দলসমূহক ক্রমে এক লাখ, ৭৫,০০০ আৰু ৫০,০০০ টকাৰ পুৰস্কাৰ হিচাপে দিয়া হৈছে । প্রথম স্থান দখল কৰা দলটিয়ে কাৰ্টুন ভিডিঅ’ৰ সহায়ত বনাঞ্চল সজাগতা বৃদ্ধি কৰাৰ উপায় উদ্ভাবন কৰে । দ্বিতীয় স্থান দখলকাৰী দলে এটা ম’বাইল এপ’ বনায় , যাৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ জন-জাতিয়ে পৰ্য্যটনৰ লগতে তেওঁলোকৰ ঘৰুৱা ব্যৱসায়ৰ বিকাশ সাধন কৰিব পাৰে । তৃতীয় স্থান দখল কৰা দলটিৰ উদ্ভাৱনী সমাধানটিৰ নাম আছিল – Know your right. লগতে এই বিজয়ী দলসমূহে NASSCOMৰ প্রথম দহ হাজাৰ Startup Programmeত অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰিব । ইয়াৰ উপৰিও ১০,০০০ টকাৰ বিশেষ উদগনিমূলক পুৰস্কাৰ দিয়া হৈছে তিনিটা দলক । পুডুচেৰীৰ ‘ট’ৰনোড(Tornadoes)’ দল, ৰাজস্থানৰ ‘দা ফাইন ফেটেলচ্ (The Fine Fettles) ’ আৰু তামিল নাডুৰ ‘এডুকেচনেল গাইডাৰ(Educational Guider)’ দলে লাভ কৰিছে ক্রমে Persistent Inspiration বঁটা , KPIT Innovation বঁটা আৰু Deloitte Innovation বঁটা। অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে শ্রম তথা নিয়োগ, চাহ জন-জাতীয় কল্যাণ তথা ৰাজহ আৰু ডিজেষ্টাৰ মেনেজমেণ্ট বিভাগৰ ৰাজ্যিক মন্ত্রী পল্লৱলোচন দাস। ইয়াৰ লগতে জন-জাতি আৰু পিচপৰা শ্রেণীৰ কল্যাণ বিভাগৰ অতিৰিক্ত মূখ্য সচিব ৰাজীৱ কুমাৰ বৰাই বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে ।

comments

টেগ
Show More

Related Articles

Close