বিজ্ঞানব্যক্তি আৰু ব্যক্তিত্বৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়শেহতীয়া

মহান বিজ্ঞানী ষ্টিফেন হকিঙৰ দেহাৱসান

গুৱাহাটী, ১৪ মাৰ্চ: বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ গৱেষণাত ৰত ব্ৰিটেইনৰ প্ৰখ্যাত বিজ্ঞানী ষ্টিফেন হকিঙৰ আজি পুৱা দেহাৱসান ঘটে ।

মৃত্যুৰ সময়ত হকিঙৰ বয়স আছিল ৭৬ বছৰ। ব্ৰহ্মাণ্ড সৃষ্টি ৰহস্যৰ বিভিন্ন বাখ্যা দাঙি ধৰিছিল হকিঙে। তেওঁ ‘ব্লেক হল’ৰ ওপৰত কৰিছিল অসাধাৰণ গৱেষণা। ‘এ ব্ৰীফ হিষ্ট্ৰী অৱ টাইম’ নামৰ সৰ্বকালৰ  বেষ্টচেলাৰ গ্ৰন্থৰ প্ৰণেতা  আছিল ষ্টিফেন হকিং । ‘থিয়ৰী অব এভ্ৰিথিং’ তেওঁৰ আন এখন প্ৰখ্যাত গ্ৰন্থ। স্নায়ুৰ জটিল ৰোগত আক্ৰান্ত হৈ পক্ষাঘাতগ্ৰস্ত হোৱা হকিঙে ডেকাকালতে হুইল চেয়াৰ ল’বলগীয়া হৈছিল আৰু ওৰেটো জীৱন তেনেকৈয়ে মহাকাশৰ ন ন গৱেষণাত নিজকে জড়িত কৰি ৰাখিছিল। ১৯৪২ চনৰ ৮ জানুৱাৰীত জন্মগ্ৰহণ কৰিছিল হকিঙে।

comments

টেগ
Show More

Related Articles

Close