অসমউত্তৰ পূৰ্বাঞ্চলগুৱাহাটীব্যৱসায়

ইণ্ডিয়ান অইলৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচী

গুৱাহাটী,১১ মাৰ্চ: অসমৰ বিভিন্ন ঠাইত কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি ইণ্ডিয়ান অইলৰ গুৱাহাটী-শিলিগুৰি পাইপ লাইন শাখাই সামাজিক দায়বদ্ধতা অনুষ্ঠানৰ আয়োজন কৰে।

৬ মাৰ্চত মহানগৰীৰ জালুকবাৰীস্থিত সদিলাপুৰ অঞ্চলত ইণ্ডিয়ান অইলৰ কৰ্মচাৰী সকলৰ তৰফৰ পৰা ৬৫ টা সৌৰচাকি বিতৰণ কৰা হয়। ই আৰ পি এলৰ কাৰ্যবাহী সঞ্চালক এ কে সতীজাই স্থানীয় ৰাইজৰ মাজত উক্ত ৬৫ টা সৌৰচাকি বিতৰণ কৰে। উক্ত চাকিসমূহত ৩ দিনত ১২ ঘণ্টাকৈ পোহৰ বিলাব পৰা ব্যৱস্থা আছে। ইণ্ডিয়ান অইলৰ এই প্ৰকল্পটোৰ দীৰ্ঘম্যাদীৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ উদ্দেশ্যৰে সদিলাপুৰ অঞ্চলত স্থানীয় ৰাইজে এখন সমিতিও গঠন কৰিছে। অনুষ্ঠানটোত গুৱাহাটী-শিলিগুৰি পাইপ লাইনৰ মহা প্ৰবন্ধক এ.কে মিশ্ৰ,কৰ্পৰেট সামাজিক দায়বদ্ধতা শাখাৰ উপ প্ৰবন্ধক তেজবীৰ সিং ভাণ্ডাৰী,পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপৰিও তৈল প্ৰতিষ্ঠানটোৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। ইণ্ডিয়ান অইলৰ এই কাৰ্যক বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই যথেষ্ট শলাগ লয়।

comments

টেগ
Show More

Related Articles

Close