অসমউত্তৰ পূৰ্বাঞ্চলগুৱাহাটীচিনেমাবিনোদন

মহানগৰীত তৃতীয় পথ সজাগতামূলক মহোৎসৱৰ শুভাৰম্ভ

গুৱাহাটী, ১১ মাৰ্চ: “মানুহে কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ পাইছে নে নাই সেয়া ডাঙৰ কথা নহয়। আচল কথা হ’ল  প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটোহে। তদুপৰি তেওঁৰ সেই কামৰ দ্বাৰা কাৰ কি প্ৰভাৱ পৰিছে সেয়া এক লক্ষ্যনীয় বিষয়। চলচিত্ৰ নিৰ্মাণকাৰীসকলে চলচিত্ৰ এখনৰ বিষয়বস্তুৱে দৰ্শকক কিভাৱে আকৰ্ষণ কৰিব তাৰ ওপৰত গুৰুত্ব দিব লাগে ” – এই মন্তব্য জনপ্ৰিয় অভিনেতা নীলু চক্ৰৱৰ্তীৰ।

অলপতে মহানগৰীৰ আমবাৰীস্থিত প্ৰেছক্লাৱত ‘নৰ্থ ইষ্ট ড্ৰামা এণ্ড ফিল্ম ইনষ্টিটিউট’ ৰ ব্যৱস্থাপনাৰ লগতে ‘এন এইচ নাৰায়ণা চুপাৰস্পেচিয়েলিটি’ আৰু ‘আসাম এনাৰ্জী ডেভেলপমেণ্ট এজেঞ্চী’ ৰ সহযোগত তৃতীয় পথ সজাগতামূলক চলচিত্ৰ মহোৎসৱৰ উদ্ধোধনী কৰা হয়। সেই উদ্দেশ্যৰে অনুষ্ঠানটিত ‘ Road Safety Movement- Assam ‘ শীৰ্ষক এটি ফেচবুক পেজ উন্মোচন কৰা হয়। এই পেজখনত পথ সুৰক্ষামূলক তথ্য থকাৰ উপৰিও সকলোৱে নিজৰ মতামত আৰু দিহা পৰামৰ্শ প্ৰদান কৰিব পৰাকৈ সুকীয়া ব্যৱস্থা ৰখা হৈছে। উল্লেখ্য যে যোৱা ১০ মাৰ্চত অসমৰ চলচিত্ৰ উদোগে ৮৩ বছৰত ভৰি দিলে। সেই উপলক্ষে অসমৰ মানুহক পথ সুৰক্ষাৰ বিষয়ে সচেতন কৰি তোলাৰ উদ্দেশ্যৰে কিছুদিন পূৰ্বে ‘নৰ্থ ইষ্ট ড্ৰামা এণ্ড ফিল্ম ইনষ্টিটিউট চমুকৈ নেডফিমচৰ দ্বাৰা পথ সুৰক্ষাৰ ওপৰত চুটি ছবি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। সেই প্ৰতিযোগিতাৰ বঁটাসমূহো এই অনুষ্ঠানতে প্ৰদান কৰা হয়। বঁটাপ্ৰাপ্ত ছবিসমূহ ক্ৰমে- ‘Look’,’Text’,’Colour’,’Bad Street’,’Bad Trip’ প্ৰদৰ্শন কৰা হয়।

comments

টেগ
Show More

Related Articles

Close