অসম

ডেংগীৰ মহামাৰী ৰূপ

গুৱাহাটীত আক্রান্ত সর্বাধিক ১,৫৯৭ গৰাকী

 

গুৱাহাটী:২৫অক্টোবৰ: গুৱাহাটী মহানগৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে ডেংগীৰ মহামাৰী ৰূপ। জানিব পৰা মতে গুৱাহাটীত সৰ্বাধিক লোক আক্ৰান্ত হৈছে ডেংগী ৰোগত । ১,৫৯৭ ডেংগী ৰোগী চিনাক্ত হৈছে গুৱাহাটী মহানগৰীতে। তিনিচুকীয়া, যোৰহাট, ডিব্ৰুগড়, গোলাঘাট আৰু শিৱসাগৰতো বহু লোক আক্ৰান্ত হৈছে ডেংগীত। তথ্য অনুসৰি ২০১৫ চনত ৰাজ্যত প্ৰায় ১,০৮৮ জন ডেংগী ৰোগত আক্ৰান্ত হৈছিল । ২০১৬ চনত ডেংগীত আক্ৰান্তৰ সংখ্যা আছিল ৩,৯১০গৰাকী আৰু চলিত বৰ্ষত সমগ্র ৰাজ্যত ১,৮৩৯গৰাকী আক্ৰান্ত হৈছে ডেংগী ৰোগত ।

comments

Show More

Related Articles

Close