অসম

২৮-২৯ অক্টোবৰত গুৱাহাটীত আন্তৰ্জাতিক নাট মহোৎসৱ

গুৱাহাটী:২৪অক্টোবৰ:ব্যতিক্ৰম মাসডো অাৰু ভাৰত চৰকাৰৰ ইণ্ডিয়ান কাউঞ্চিল ফৰ কালচাৰেল ৰিলেশ্বনৰ উদ্যোগত অান্তৰ্জাতিক নাট্য উৎসৱৰ অায়োজন কৰা হৈছে। অাগন্তক ২৮-২৯ অক্টোবৰ নাট্য উৎসৱৰ বৈঠক অনুষ্ঠিত হ’ব গুৱাহাটীত। বাংলাৰ প্ৰসিদ্ব নাট্যগোষ্ঠী ম্যাড থিয়েটাৰ অাৰু অসমৰ অাকৃতি প্ৰডাকশনে উক্ত অনুষ্ঠানত অংশ গ্ৰহন কৰিব। সেয়হে অায়োজক ব্যতিক্ৰম মাসডোৰ সভাপতি ড° সৌমেন ভাৰতীয়াই কয়, অত দিন ধৰি বাংলাদেশৰ বহুতো সাংস্কৃতি গোষ্ঠীয়ে অামাৰ অসমত অনুষ্ঠান পৰিবেশন কৰি অাহিছে। গুৱাহাটী, কোকৰাঝাৰ, বৰপেটা, হোজাই, লামডিং, হাফলংত বাংলাদেশৰ বিভিন্ন সাংস্কৃতিক গোষ্ঠীয়ে অনুষ্ঠান পৰিবেশন কৰি অাহিছে। নাট্য উৎসৱত অংশগ্ৰহণ কৰিব ম্যাড থিয়েটাৰে। উক্ত বছৰটিত তেওঁলোকৰ এইটো দ্বিতীয় অনুষ্ঠান। বাংলাদেশৰ নাট্যগোষ্ঠী যিমান অামাৰ ৰাজ্যত অাহিছে, অাশা কৰো অাগলৈ ভৱিষ্যতে অামাৰ ৰাজ্যৰ নাট্যগোষ্টী বাংলাদেশত গৈ অনুষ্ঠান পৰিবেশন কৰাৰ সুযোগ পাব।অনুষ্ঠানৰ সহযোগী হৈছে সাউথ পইন্ট স্কুল, জনমত অাৰু ব্যতিক্ৰম মঞ্চ।

ম্যাড থিয়েটাৰে মঞ্চস্থ কৰিব লোবা নাটকখনৰ নাম হৈছে ‘নদ্দিউ নতিম’। গুৱাহাটীৰ অাকৃতি প্ৰডাকছ্নে মঞ্চস্থ কৰিব ‘পুনৰ জনম লৈ তেজীমলাই’। বহুত অাগৰ পৰাই অসমৰ সৈতে বাংলাদেলৰ সাংস্কৃতিক জোটৰ সাধৰণ সম্পাদক হাসান অাৰিফে কয়,’এনেকুৱা অনুষ্ঠান যিমানে হয় সিমানে ভাল। বাংলাদেশলৈ অাহক অসমৰ নাট্যদল। তেতিয়াহে সাংস্কৃতিক বিনিময় পৰিপূৰ্ণ হব’।
২৮ অক্টোবৰ বিয়লি পাছ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া নাট্য উৎসব অনুষ্ঠিত হ’ব মালিগাওৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত অাৰু ২৯ অক্টোবৰ অনুষ্ঠান সমূহ অনুষ্ঠিত হ’ব বৰ্ষাপাৰাৰ সাউথ পইন্ট স্কুলত।
নাট্য উৎসৱ সম্পৰ্কে অন্যতম অায়োজন অাইচিচিঅাৰৰ ডিৰেক্টৰ প্ৰণামী ভাগবতীয়ে কৈছে- বহুত ভাল উদ্যোগ। অসমৰ প্ৰতিবেশী বাংলাদেশ। যত বেছি সাংস্কৃতিক বিনিময় হয় তাতেই দুখন দেশৰ মধ্য সম্পৰ্কৰ বন্ধন তীব্ৰ হয়। নাট্য উৎসৱৰ অন্যতম সহযোগী জনমতৰ ত্ৰিদিপ দাশগুপ্তাই জনাইছে যে, অামাৰ সকলো সময় সুস্থ সাংস্কৃতিকৰ কাৰণে কাম কৰিছো। এই অনুস্থান তাৰেই অংগ।
সাউথ পইন্ট স্কুলৰ অধ্যক্ষ কৃষ্ঞাঞ্জন চন্দ্ৰই কয়, বাংলাদেশৰ নাটক অসমত বহুত প্ৰদৰ্শিত হয়। অাশা কৰো এই নাটক খনে দৰ্শকক বহুতো প্ৰভাবাম্বিত কৰিব। ম্যাড থিয়েটাৰৰ ‘নদ্দিউ নিতম’ নাটকখন জনপ্ৰিয় লেখক হুমায়ুন অাহমেদেৰ ‘ক কথা কয়’ উপন্যাসৰ নাট্যৰূপ। অাকৃতি প্ৰডাকছ্নৰ ‘পুনৰ জনম লৈ তেজীমলাই’-নাটকখন উপস্থাপ কৰিছে মনালিছা শইকীয়াৰ এটি গল্পৰ পৰা। নাট্যৰূপ দিছে বিশিষ্ট নাট্যকৰ্মী অনুপজ্যোতি চৌধৰীয়ে অাৰু মুখ্য অভিনয়ত অাছে জুলি লস্কৰ। ব্যতিক্ৰম মাসডোৰ সম্পাদক পিন্টুকুমাৰ গুপ্তাই জনাইছে-দুইটা অনুষ্ঠানৰ প্ৰবেশ বিনামূলীয়া।

comments

Show More

Related Articles

Close