অসম

ৰাজ্যিক কৰ্মচাৰীলৈ সু-খবৰ

গুৱাহাটী:২৪ অক্টোবৰ: বিতমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে চলিত বৰ্ষৰ জুলাই মাহৰ পৰা কার্যকৰী হোৱাকৈ ১% মৰগনীয়া বানচ বৃদ্ধি কৰিবলৈ আজি ৰাজ্যৰ বিত্ত বিভাগলৈ নিৰ্দেশনা জাৰি কৰিছে।উল্লেখযোগ্য যে কেন্দ্রীয় চৰকাৰে চলিত বৰ্ষৰ পহিলা জুলাইৰ পৰা কাৰ্য্যকৰী হোৱাকৈ ১% মৰগনীয়া বানচ বৃদ্ধি কৰিছে।ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সমহাৰত ৰাজ্যিক কৰ্মচাৰীৰ মৰগনীয়া বানচ বৃদ্ধিৰ পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ ফলত ৰাজ্য চৰকাৰে প্ৰতিমাহে ২৫ কোটি টকা অতিৰিক্তভাবে ব্যয় কৰিছে ।ইয়াৰে ১৫ কোটি দৰমহাৰ বাবদ আৰু ১০ কোটি পেঞ্চনৰ বাবদ ব্যয় হব ।আনহাতে এই মৰগনীয়া বানচ বৃদ্ধিৰ ফলত ২০১৭-১৮ বৰ্ষত ৰাজকোষৰ পৰা অতিৰিক্তভাবে মুঠ ২২৫ কোটি টকা ব্যয় হব । বৰ্তমান ৰাজ্যিক কৰ্মচাৰী সকলে ৪% হাৰত মৰগনীয়া বানচ লাভ কৰি আছিল ।এতিয়া ১% বৃদ্ধিৰ জৰিয়তে ৰাজ্যিক কৰ্মচাৰীৰ মৰগনীয়া বানচ ৫% লৈ বৃদ্ধি হয় ।

comments

Show More

Related Articles

Close