অসম

বেদখলকাৰীৰ ক্ষেত্রত চৰকাৰৰ স্থিতি বিপৰীতমুখী

জাতি মাটিৰ কথা কোৱা বিজেপয়ে বাংলাদেশীক ৰক্ষণাবেক্ষণ দিছে :উপমন্যু হাজাৰিকা

গুৱাহাটী:২১অক্টোবৰ: ভূমিনীতি আৰু ভূমি আইনৰ দ্বৰা খিলঞ্জীয়াক বচাবলৈ হলে ১৯৫১ চনক ভিত্তীবৰ্ষ হিচাপে লৈ ভুমি ,চৰকাৰী-চাকৰি আদিকে ধৰি অন্যান্য সা-সুবিধা সংৰক্ষনেই খিলঞ্জীয়াৰ ৰক্ষা কৱচ হ’ব লাগিব ৷ এই মন্তব্য প্ৰব্ৰজন বিৰোধী মঞ্চৰ তথা উচ্চতম ন্যায়লয়ৰ জেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা। অধিবক্তা তথা প্ৰব্ৰজন বিৰোধী মঞ্চৰ তথা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা উপমন্যু হাজৰিকাৰ সৈতে এই গুৱাহাটীৰ তৰফৰ পৰা এক আছুতীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰা হয় । জাগীৰোডত শুক্ৰবাৰে সন্ধিয়া এক গণ-স্বাক্ষৰ অভিযানলৈ অহা উপমন্যু হাজৰিকাই এই গুৱাহাটীক জনাই যে-অসমৰ খিলঞ্জীয়া সংৰক্ষনৰ বাবে ২ অক্টোবৰত বট্ৰদ্ৰবা পৰা এক গণ-স্বাক্ষৰ অভিযান চলি আছে ৷ জানুৱাৰী মাহৰ ভিতৰত প্ৰায়-৩/৪ লাখ লোকৰ স্বাক্ষৰ প্ৰতিকৃতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰেৰণ কৰিব ৷ ইফালে হাজৰিকাই অসম মেঘালয়, নাগালেণ্ড,মিজোৰাম, অৰুণাচল আদি দৰে থলুৱা লোকৰ কাৰণে ভূমি সংৰক্ষিত হ’ব লাগে ৷তদুপৰি ৰাজনৈতিক ভাৱে আলাপ-আলোচনা কেন্দ্ৰীয় বিষয় উখাপিত হওক ৷ ৰাজনৈতিক দল, নিৰ্বাচিত প্ৰতিনিধি-জাতি, মাটি, ভেটি প্ৰতিশ্ৰুতি দি নিৰ্বাচিত হৈছে ৷ এই বিষয়টো দূৰত ৰাখিব পাৰে বুলিও মত প্ৰকাশ কৰে ৷
আনহাতে উপমন্যু হাজৰিকাই বেদখলকাৰী ক্ষেত্ৰত চৰকাৰৰ স্হিতি বিপৰিত মুখী স্হিতি বুলিও প্ৰকাশ কৰে ৷ কাৰণ চিপাঝাৰত বেদখলকাৰী বিৰোধে অভিয়োগ দিয়া আকাশ কলিতাকহে ১৪ দিনৰ পিচত চাৰ্চিত দিলে ৷ কিন্তু সূদ আৰক্ষীৰ সন্মূখতে বেদখল হৈ আছিল যদিও আৰক্ষীৰ ক্ষেত্ৰত কোনো ব্যবস্হা গ্ৰহণ নকৰিলে চৰকাৰে ৷জাতি-মাটি -ভেটি ৰক্ষাৰ কথা কোৱা এইখন চৰকাৰে বাংলাদেশীকহে ৰক্ষনা-বেক্ষন দিছে বুলি অধিবক্তা গৰাকীয়ে প্ৰকাশ কৰে ৷

comments

Show More

Related Articles

Close