অসম

কৃষি মন্ত্ৰী অতুল বৰাৰ ইতিবাচক দৃষ্টি

 

গুৱাহাটীঃ১৭অক্টোবৰ: মুখ্যমন্ত্ৰী সমগ্র গ্ৰাম্য উন্নয়ন যোজনা ১০ ডিচেম্বৰত আনুষ্ঠানিক ভাৱে মুকলি কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই আঁচনিৰ অধীনত এইপৰ্যন্ত ২৫,০০৭খন আৱেদন পত্ৰ লাভ কৰা হৈছে। এই আঁচনিৰ অধীনত প্ৰতিখন গাঁৱক প্ৰদান কৰা হ’ব একোখনকৈ ট্ৰেক্টৰ । এই মন্তব্য কৃষি মন্ত্ৰী অতুল বৰাৰ । মহানগৰীত আয়োজিত এক সংবাদমেলত এই মন্তব্য প্ৰদান কৰি কৃষি মন্ত্ৰী গৰাকীয়ে কয় যে, উক্ত আঁচনি খনৰ অধীনত প্ৰথম পৰ্যায়ত আবেদনৰ ভিত্তিত মুঠ ১০,১৩৪টা কৃষক গোটক ট্ৰেক্টৰ বিতৰণ কৰা হব । আনহাতে এই আঁচনিৰ বাবে বিভাগীয় কর্তৃপক্ষয় আবেদন বিচাৰিছিল ।কিন্তু ৰাজ্যৰ ৭,০৩০খন গাঁৱৰ পৰা ট্ৰেক্টৰৰ বাবে এখনো আৱেদন পোৱা নগ’ল।তেওঁ কয় যে , ট্ৰেক্টৰৰ বাবে চৰকাৰে প্ৰদান কৰিব ৭০% ৰাজসাহায্য ।ইয়াৰোপৰি ২০% বেংকৰ ঋণ আৰু বাকী ১০% ধন কৃষক সকলে বহন কৰিব লাগিব বুলিও প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ।

comments

Show More

Related Articles

Close