অসম

সোণোৱাল কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গুৱাহাটী:১৭অক্টোবৰ: প্ৰায় ৪ ঘণ্টাজুৰি জনতা ভৱনত অনুষ্ঠিত সোনোৱাল কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ হল
১/ গুৱাহাটীত অনুষ্ঠিত হ’ব  গ্লোবেল ইনভেষ্টমেণ্ট সমাৰোহ । ৩-৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব এই সমাৰোহ । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব সমাৰোহ ।
২/ এইবাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিছে তথ্যপ্ৰযুক্তি নীতি ।
আমবাৰীত স্থাপন হ’‍ব ষ্টাৰ্ট আপ পলিচি ।ইতিমধ্যে এই প্ৰজেক্টৰ বাবে তেলেংগানা চৰকাৰৰে চুক্তি স্বাক্ষৰ  কৰিব বুলি জানিব দিয়ে ।
৩/কেবিনেটত গ্ৰহণ কৰা হৈছে ৰাজ্যিক পৰ্যটন নীতি। ৰাজ্য চৰকাৰে প্ৰসাৰ কৰিব গোলফ টোৰজিমৰ । আই টি পাৰ্ক স্থাপনকাৰীক কম সূদৰ হাৰত দিব ভূমি প্ৰদান কৰিব চৰকাৰে ।২৫% কমত ভূমি প্ৰদান কৰিব ৰাজ্য চৰকাৰে ।

৪/ বায়টেক নীতি ৰ লগতে হস্ততাত নীতিতো অনুমোদন জনায় সোনোৱাল কেবিনটে ।১৬০ বৰ্গ কিঃ মিঃ জুৰি স্থাপন কৰা হ’ব ঔদ্যোগিক মণ্ডল ।

৫/ নতুন চেনি নীতিতো অনুমোদন জনায় কেবিনেটে।
কোথাৰি গ্ৰুপ আৰু উত্তম চুগাৰে স্থাপন কৰিব নতুন চেনী কল উদ্যোগ । উক্ত কৃষকক উদ্যোগ দুটাই প্ৰদান কৰিব কুঁহিয়াৰৰ বীজ । লগতে উদ্যোগৰ সমীপৰ ৩০ কিঃমিঃ ব্যাসাৰ্ধৰ কৃষকক বীজ প্ৰদান কৰিব উদ্যোগ দুটাই ।
৬/ কল চেণ্টাৰ স্থাপনকাৰীক চৰকাৰে প্ৰদান কৰিব সাহায্য ।প্ৰতিজন কৰ্মচাৰীৰ বিপৰীতে প্ৰদান কৰা হব ১ লাখ ২০ হাজাৰ টকা ।লগতে ক্ষুদ্ৰ, মজলীয়া উদ্যোগেও লাভ কৰিব বিশেষ চৰকাৰী সুবিধা ।

comments

Show More

Related Articles

Close