অসম

অসম সাহিত্য সভাৰ নির্বাচনী প্ৰক্ৰিয়া আৰম্ভ

 
গুৱাহাটী:১৭অক্টোবৰ: বহু জল্পনা কল্পনাৰ অন্তত আৰম্ভ হল অসম সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া।এইবেলি অসম সাহিত্য সভাত সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন। তাৰোপৰি এই নির্বাচনী প্ৰক্ৰিয়াত সাহিত্য সভাৰ কোনো পেনেল নাথাকে । ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত শাখা সাহিত্য সভাৰ ভোটৰ পিছত জিলা শাখাই জমা দিব বেলট সমূহ ।গুৱাহাটী ডাকঘৰত সংগ্ৰহ কৰা হ’ব বেলট ।জিলা আৰু শাখা সভাই প্ৰস্তাৱ কৰিব সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ নাম। ইতিমধ্যে আৰম্ভ হৈছে বেলট বিতৰণৰ প্ৰক্ৰিয়া। আনহাতে অসম সাহিত্য সভাৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকাও আজি প্ৰকাশ কৰা হয় । সভাপতি পদৰ প্ৰাৰ্থী তালিকাত ড০ অমৰজ্যোতি চৌধুৰী, প্ৰহ্লাদ তাছা, পৰমানন্দ ৰাজবংশী, য়েছে দৰজে থংছি আৰু কৰবী ডেকা হাজৰিকা। উপ-সভাপতি পদৰ প্ৰাৰ্থী নোমল গগৈ আৰু স্বাধীনতা মহন্ত। আনহাতে প্ৰধান সম্পাদক পদৰ প্ৰাৰ্থী হিচাবে দেৱজিত্‍ বৰা, যাদৱ শৰ্মা আৰু পদুম ৰাজখোৱা নাম ঘোষণা কৰে ।

comments

Show More

Related Articles

Close