ব্যক্তি আৰু ব্যক্তিত্ব

ৰবেন্দ্র কুমাৰ দাস চাৰ

- ড° বুলজিৎ বুঢ়াগোহাঁই

জ্যেষ্ঠব্যক্তিৰ অনুপ্রেৰণাই কণিষ্ঠসকলক দুগুণ উৎহাসেৰে কাম কৰিবলৈ আগ্রহান্বিত কৰি তুলিব পাৰে । কিন্তু এনে জ্যেষ্ঠজনৰ সংখ্যা আমাৰ ৰাজ্যখনত অতি নগণ্য যেন অনুভৱ হয় । মোক অনুপ্রাণিত কৰা এজন ব্যক্তিৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছো, যিজন ব্যক্তি নিয়মীয়াকৈ বাতৰি কাকত তথা আলোচনী পঢ়া যুৱ প্রজন্মৰ মাজত পৰিচিত । তেখেত হ’ল – অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া তথা বিশিষ্ট লেখক ৰবেন্দ্ৰ কুমাৰ দাস । তেখেতৰ বহু সংখ্যক লেখাই যুৱ প্রজন্মক উৎসাহিত কৰি আহিছে । লগতে শিক্ষাৰ্থীসকলক তেখেতৰ তথ্য সমৃদ্ধ লিখনি সমূহে বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবেও সমল যোগাই আহিছে । ৰবেন্দ্ৰ কুমাৰ দাস চাৰে বিভিন্ন বাতৰি কাকত তথা আলোচনীত লেখা-মেলা কৰাৰ উপৰিও নিয়মীয়াকৈ ফোন তথা এছ এম এছ ৰ যোগেদি তেখেতৰ দৃষ্টিত পৰা ছাত্র-ছাত্রী তথা যুৱকসকলৰ কাম-কাজৰ অগ্রগতিৰ খতিয়ান ৰাখি সদায়ে তেওঁলোকক অনুপ্রেৰণা যোগাই আহিছে । তেখেতৰ আন এক বিশেষ গুণ হৈছে আনক উৎসাহিত কৰাৰ উদ্দেশ্যে নিজেও কুইজ প্রতিযোগিতাত অংশগ্রহণ কৰা কায্য । তেখেতে ২০১১ চনৰ পৰা প্রান্তিক আলোচনীৰ ‘পত্রালাপ’ নামৰ শিতানত প্রকাশিত চিঠিবোৰৰ সমীক্ষা আগবঢ়াই আহিছে । উক্ত বৰ্ষটোতে মইয়ো প্রথমবাৰৰ বাবে পত্রালাপলৈ চিঠি লিখি প্ৰেৰণ কৰিছিলো আৰু পত্রালাপৰ ২০১১ চনৰ সৰ্বাধিক সংখ্যক চিঠি মোৰেই প্রকাশ হৈছিল বুলি তেখেতৰ সমীক্ষাত উল্লেখ কৰিছিল । অন্যহাতে, সাতসৰী (এপ্রিল,২০১২)আলোচনীত ২০১১বৰ্ষৰ ২৪খন বিভিন্ন বাতৰি কাকত তথা আলোচনীত প্রকাশিত মোৰ মুঠ ১৩১খন চিঠিৰ বিষয় বস্তু সম্পৰ্কে তেখেতে এটা দীঘলীয় প্রৱন্ধ লিখিছিল । উক্ত প্রৱন্ধটো পৰৱৰ্তী সময়ত বিশাল প্রকাশনৰ দ্বাৰা প্রকাশিত তেখেতৰ “মাথোঁ আকাশ ধিয়াই” নামৰ গ্রন্থ খনত অন্তৰ্ভূক্ত কৰে । ৰবেন্দ্ৰ কুমাৰ দাস চাৰৰ ‘সাতসৰী’ৰ এই লেখাটিয়ে পৰৱৰ্তী সময়ত মোক দুগুন উৎসাহেৰে লেখা কায্যৰ বাবে অনুপ্রাণিত কৰে আৰু সেই ধাৰা আজিও অব্যাহত আছে । তেখেতৰ দৰে উৎসাহিত কৰা ব্যক্তি বৰ্তমান সময়ত খুবেই প্রয়োজন । ৰবেন্দ্ৰ কুমাৰ দাস চাৰৰ দৰে ব্যক্তিৰ বিষয়ে প্রচাৰ কৰাৰ প্রয়োজন আছে বুলি অনুভৱ কৰো । আশা কৰো , যুৱ প্রজন্মক উৎসাহিত কৰিবৰ বাবে তেখেতৰ দৰে আৰু বহুজন আগবাঢ়ি আহিব আৰু সমাজখনক উন্নতিৰ পথত আগবঢ়াই নিয়াত সহায় কৰিব ।

ড° বুলজিৎ বুঢ়াগোহাঁই,
সহকাৰী অধ্যাপক,
যান্ত্রিক অভিযান্ত্রিক বিভাগ,
গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী,
গুৱাহাটী-৭৮১০১৭, অসম ।
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com

comments

Show More
Close