অসম

অসমত প্ৰথম ই বাছ মুকলি

গুৱাহাটী:১৬ অক্টোবৰ:আজি পল্টন বজাৰস্থিত ৰাজিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ৰ পৰা পৰীক্ষামূলকভাৱে ৰাইজৰ বাবে ইলেকট্ৰিকেল বাছ মুকলি কৰা হয় । ইয়াৰ দ্বাৰা অসম ৰাজ্যিক পৰিবহণ নিগমে পৰীক্ষামূলকভাৱে ইলেকট্ৰিকেল বাছ সেৱা প্ৰদান কৰা পূব ভাৰতৰ প্ৰথমটো পৰিবহণ নিগম হিচাপে পৰিগনিত হয়। টাটা মটৰচৰ সহযোগিতাত এ এছ টি চি য়ে ৭ দিনলৈ ৰাইজক পল্টন বজাৰ এ এছ টি চি বাছ আস্থানৰ ৰপৰা কামাখ্যা লৈ বিনামূলীয়া যাত্ৰাৰ সেৱা আগবঢ়াব । উল্লেখযোগ্য যে আজি এই সেৱা আনুষ্ঠানিক ভাৱে মুকলি কৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে। ইফালে উক্ত বাছ খনত ৱাইফাই, মোবাইল চাৰ্জাৰ, জিপিএছ, সুবিধাযুক্ত ছিট ৰ লগতে এচি ৰ ব্যৱস্থা থাকিব ।

comments

Show More

Related Articles

Close