গুৱাহাটী

মেয়ৰ মৃগেন শৰণীয়াৰ ইতিবাচক দৃষ্টি

মহানগৰীত স্থাপন হব পোহনীয়া জন্তুৰ শ্মশান

 

গুৱাহাটী:১৪অক্টোবৰ:মহানগৰ উন্নয়নৰ বাবে গুৱাহাটী পৌৰ নিগমৰ কাউঞ্চিলাৰ সকলৰ মাজত ১ কোটি টকাৰ সাহায্য প্ৰদান কৰা হব ।লগতে গুৱাহাটীত নিৰ্মান কৰা হব পোহনীয়া জন্তুৰ শ্মশান। এই কথা সদৰী কৰে পৌৰপতি মৃগেন শৰণীয়াই। এই গুৱাহাটীৰ তৰফৰ পৰা হোৱা এক আছুতীয়া সাক্ষাৎকাৰত পৌৰপতি মৃগেন শৰণীয়াই কয় যে , পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ আমোলাত ২০১৩-১৬ বৰ্ষত অৰ্থাৎ তিনি বছৰত মাত্ৰ ৩০ লাখ টকা প্ৰদান কৰিছিল । যি পৰিমাণ মহানগৰ উন্নয়নৰ বাবে একেবাৰে সীমিত । কিন্তু ২০১৬ চনত নতুন চৰকাৰ গঠনৰ ছয় মাহৰ পিছতে অৰ্থাৎ দ্বিতীয় পৰ্যায়ত কাউঞ্চিলাৰ সকলক ৬০ লাখ টকা মোকোলাই দিবলৈ সক্ষম হয়। ইয়াৰোপৰি এইবেলি অৰ্থাৎ তৃতীয় পৰ্যায়ত এক কোটি টকাৰ সাহায্য মোকোলাই দিয়াৰ কথা প্ৰকাশ হব । যি পৰিমাণ পূৰ্বতকৈ অধিক বৃদ্ধি পাইছে । এই ধনৰ সঠিক ব্যৱহাৰে আমাৰ গুৱাহাটী খনক অধিক উন্নতিৰ পথত আগুৱাই নিব। ইয়াৰোপৰি “প্ৰজেক্ট জ্যোতি”ৰ অধীনত ১০০ টকাত মহানগৰবাসীক এটা কৈ এল ই ডি লাইট দিবলৈ সক্ষম হোৱাৰ কথাও উল্লেখ কৰে । অৱশ্যে এই প্ৰজেক্টৰ বাবে গুৱাহাটী পৌৰ নিগমে ২০১৬ চনত ভাৰত চৰকাৰৰ তৰফৰ পৰা পুৰস্কৃত হোৱাৰ লগতে বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল । আনহাতে মহানগৰীত বৃদ্ধি পোৱা ডেংগুই মাৰাত্মক ৰূপ ধাৰণ কৰাৰ সন্দৰ্ভদ মেয়ৰ মৃগেন শৰণীয়াই কয় যে ,ডেংগুৰ দৰে মাৰাত্মক বেমাৰৰ পৰা মহানগৰ বাসীক কি দৰে ৰক্ষা কৰিব পাৰি তাৰ বাবেও আমাৰ তৰফৰ পৰা কৰিবলগীয়া ব্যৱস্থা সমূহ আৰম্ভ কৰিছোঁ । চলিত বৰ্ষৰ জুলাই মাহৰ পৰাই ৱাৰ্ড সমূহত আমি “ফগিং”ৰ ব্যবস্থা কৰিছোঁ ।তাৰোপৰি ৱাৰ্ড সমূহত সজাগতা মূলক সভাৰো আহ্বান কৰা হৈছে । তেওঁ কয় যে এই বৰ ডেংগু ৰোগত আক্রান্তৰ সংখ্যা প্ৰায় ৬০০-৭০০ জনৰ ভিতৰত হব ।যি হাৰ পূৰ্বৰ তুলনাত বহু পৰিমানে কম । ইফালে দিপাৱালীৰ সময়ত মহানগৰবাসীক স্বচ্ছটা বজাই ৰাখিবলৈ আহ্বান জনায় কয় যে ,দিপাৱালীৰ সময়ত মহানগৰখন অৱৰ্জনাৰে ভৰি পৰি । এই লেতেৰা সমূহ আমি ৰাতি পোৱা ৫ বজাৰ ভিতৰত পৰিষ্কাৰ কৰি দিম ।যাৰ বাবে আমাৰ কৰ্মচাৰী সকলে ৰাতি ১২ বজাৰ পৰাই কাম আৰম্ভ কৰিব ।যাতে ৰাতিপুৱা মহানগৰবাসীয়ে এখন নতুন গুৱাহাটী লাভ কৰে ।

comments

Show More

Related Articles

Close