অসম

২৭ অক্টোবৰৰ পৰা ১৩ নৱেম্বৰলৈ গুৱাহাটীত লিঅ এক্সপ

গুৱাহাটী:১১অক্টোবৰ:নতুনত্বৰ বিপুল সম্ভাৰ লৈ পুনৰ গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ২৭ অক্টোবৰৰ পৰা ১৩ নৱেম্বৰলৈ অনুষ্ঠিত হব ১৭ তম আন্তৰাষ্ট্ৰীয় লিঅ এক্সপ । আজি এই কথা সদৰী কৰে আয়োজক সমিতিয়ে । গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলৰ জৰিয়তে আয়োজক সমিতি হৈ জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ , জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰু , মৃদুল কুমাৰ দত্তৰ লগতে মনিষা হাজৰিকাই জনাই যে , ইজিপ্ত,তুৰ্কী,বাংলাদেশ,দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা ,নেপাল ,ঘানা, থাইলেণ্ড,আফগানিস্তান, আদি দেশৰ ব্যৱসায়ীৰ আগমন ঘটিব লিঅ এক্সপ ২০১৭ ত ।ইজিপ্তৰ হস্তশিল্পজাত সামগ্রী আৰু উটৰ চামৰাৰ সামগ্রী,তুৰ্কীৰ ডেকোৰেটিভ লেম্প,বাংলাদেশৰ জামদানী ,টাংগাইল,তাত শাৰী ,ৰেডিমেদ পোছাক, মোলামাইনৰ বাচন বৰ্তন ,দক্ষিণ আফ্ৰিকাৰ হস্ত শিল্পজাত সামগ্ৰী ,শ্ৰীলংকাৰ ৰত্ন ,নেপালৰ গৰম পোছাক ,ঘানাৰ শিল্পজাত সামগ্ৰী ,থাইলেণ্ডৰ আ অলংকাৰ ,কৃত্ৰিম ফুল,মহিলাৰ পোচাকৰ লগতে আফগানিস্তানৰ শুকান ফল মূল হব বিশেষ আকৰ্ষণ ।ইয়াৰোপৰি ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ ব্যৱসায়ী সকলেও নানা সামগ্ৰীৰ পোহাৰ মেলিব এক্সপ ।ইফালে গডৰেজ ,কেপছ ,কুচিনা ,মহাৰাজা ,পেনাচনিক ,ঊষাকে ধৰি বহুকেইটা বহুজাতিক সংস্থাই এক্সপত অংশগ্ৰহণ কৰাৰ লগতে সামগ্ৰী সমূহ বিশেষ ৰেহাই মূল্যত বিক্ৰীৰ ব্যৱস্থা কৰিব বুলিও আয়োজক সমিতিয়ে উল্লেখ কৰে । উল্লেখযোগ্য যে ,লিঅ এক্সপত ৫ নৱেম্বৰ তাৰিখে ৰাতিপুৱা ১১ বজাত প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ মান শ্ৰেণীৰ ছাত্র ছাত্ৰীৰ মাজত এখন চিত্ৰাঙ্গন প্ৰতিযোগিতা অনুষ্ঠিত হব ।প্ৰতিযোগিতা খনৰ প্ৰতিটো শাখাৰ বিজয়ীক নগদ ১১ হাজাৰ ,৭ হাজাৰ ,৫ হাজাৰ টকাৰে প্ৰথম দ্বিতীয়ৰ লগতে তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হব ।ইয়াৰোপৰি নাৰ্ছাৰী আৰু কে জি শ্ৰেণীৰ বাবেও এটা বিশেষ প্ৰতিযোগিতা অনুষ্ঠিত হব ।আনহাতে এইবেলি লিঅ ২০১৭ ৰ বিশেষ আকৰ্ষণ হব লিঅ এক্সপ প্ৰশাসনীয় ভৱন । উক্ত প্ৰশাসনীয় ভৱনটো সম্পূৰ্ণ নতুন চিন্তা ধাৰাৰে নিৰ্মান কৰাৰ কথা উল্লেখ কৰে আয়োজক সমিতিয়ে ।

comments

Show More

Related Articles

Close