অসম

অসমৰ ৰাজ্যপাল ৰূপে শপত ললে জগদীশ মুখীয়ে

 

গুৱাহাটী:১০অক্টোবৰ: আজি অসমৰ নতুন ৰাজ্যপালৰূপে শপত গ্ৰহণ কৰিলে অধ্যাপক জগদীশ মুখীয়ে। শ্ৰীমন্ত কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজিত সিঙে পাঠ কৰোৱালে শপত বাক্য। ইফালে শপত গ্ৰহণৰ পিছতেই নৱনিযুক্ত ৰাজ্যপাল জগদীশ মুখীয়ে কয় যে অসমত নিযুক্তি লাভ কৰি মই নিজকে নিজকে সৌভাগ্যবান বুলি কম। অসমৰ সৰ্বাংগীন বিকাশৰ হকে কাম কি যাম । লগতে অসম চৰকাৰে ভাল কাম কৰিছে বুলিও মন্তব্য কৰে ৰাজ্যপাল জগদীশ মুখীয়ে । ইয়াৰোপৰি উক্ত অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নৱনিযুক্ত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক অভিনন্দন জনাই জগদীশ মুখীৰ দিহা-পৰামৰ্শৰে অসম বহুদূৰ আগুৱাই যাব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে। আনহাতে উক্ত অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত দত্ত, ৰিহণ দৈমাৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, মুখ্য সচিব ভি কে পিপাৰচেনিয়া, আৰক্ষী সঞ্চালকপ্ৰধান মুকেশ সহায়, মহানগৰ উপায়ুক্ত এম অংগমুথুকে ধৰি বহু গণ্য-মান্য ব্যক্তি।

comments

Show More

Related Articles

Close