অসম

সদৌ অসম কবি সন্মিলনৰ জাগীৰোড শাখা সমিতি গঠন

 

জাগীৰোড:৮অক্টোবৰ: সদৌ অসম কবি সন্মিলনৰ মৰিগাঁও জিলাৰ জাগীৰোড শাখাটি আজি জাগীৰোডৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’য় ৷ নাট্যকাৰ তৰুন তালুকদাৰে সভাপতিত্ব কৰা সভা খনত সদৌ অসম কবি সন্মিলনৰ প্ৰচাৰ সম্পাদক তথা নগাঁও জিলাৰ কবি সন্মিলনৰ সম্পাদক মন্টুমনি বৰাই( মদাৰজ্যোতি) সদৌ অসম কবি সন্মিলনৰ লক্ষ্য আৰু উদ্দেশ্য বিস্তৃত ভাৱে আলোকপাত কৰে ৷ সভাত মৰিগাঁও জিলাৰ নেপালী সাহিত্য সভাৰ সভাপতি কৃষ্ণলাল শৰ্মা , প্ৰৱক্তা , লেখক , ড° দীপকজ্যোতি বৰুৱা , বিষ্ণুৰাভা বঁটা প্ৰাপক লেখিকা ৰুমীলস্কৰ বৰা , প্ৰৱক্তা , কবি , লেখক ড° উৎপল নাথ , মৰিগাঁও জিলাৰ কবি সন্মিলনৰ সম্পাদক নৱ ৰাজ আদি ব্যক্তি সকল উপস্হিত থাকি তেখেত সকলৰ বহু মূলীয়া ভাষন আগবঢ়াই ৷ ইয়াৰ পিছতে ড° দীপকজ্যোতি বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হয় কবিতা পাঠ আৰু কবিতা আবৃত্তি ৷ অনুষ্ঠানটোত-কবি – অনিৰুদ্ধ ডেকা , উত্তম চন্দ্ৰ ডেকা , অনুলেখা বৰদলৈ , ৰুমী লস্কৰ বৰা , প্ৰতিভা দেওঁৰজা , নৱ ৰাজ , ড° উৎপল নাথ , পৰমানন্দ ডেকা , ৰাজীৱ চহৰীয়া , বিভা ভাগৱতী , ৰিভা ভৰালী ,ৰূপজ্যোতি গোস্বামী ,অংশুমান শইকীয়া , ৰুমী শৰ্মা , তুমণি গোস্বামী ,বন্দনা দাস , হিমাশ্ৰী বৰা , ৰজাকুল ইছলাম আদিয়ে ৷ ইয়াৰ পিছতে অনুষ্ঠিত হয় জাগীৰোড কবি সন্মিলনৰ শাখা গঠন ৷ মুখ্য উপদেষ্টা -ক্ৰমে- তৰুন তালুকদাৰ , ড° দীপকজ্যোতি বৰুৱা আৰু কৃষ্ণ লাল শৰ্মা ৷ উপদেষ্টা – হৰমোহন কলিতা , প্ৰভাত চন্দ্ৰ বৰা , বানী বৰঠাকুৰ , খগেন শৰ্মা , অনুলেখা বৰদলৈ , অনিৰুদ্ধ ডেকা , চিত্ৰলেখা বৰা আৰু ভানু ভূঞা মজুমদাৰ ৷ সভাপতি- উত্তম চন্দ্ৰ ডেকা , উপসভাপতি- ৰুমী লস্কৰ বৰা ,পৰমানন্দ ডেকা আৰু নিৰুদ বৰা ৷ সাধাৰণ সম্পাদক-অৱন্তি কুমাৰ বৰা , যুটীয়া সম্পাদক- দীপক কলিতা , মৃদুল ডেকা , সহ কাৰী সম্পাদক-হেমন্ত চৌধুৰী , সাংগঠনিক সম্পাদক-ৰাজীৱ চহৰীয়া আৰু ৰাজাকুল ইছলাম ৷পত্ৰিকা সম্পাদক- প্ৰতিভা দেওঁৰজা – বিত্ত সম্পাদক- জয়ন্ত শইকীয়া আৰু প্ৰচাৰ সদ্পাদক অজয় পাল ৷ কাৰ্যনিৰ্বাহক সদস্য- বিভা ভাগৱতী , ৰিভা ভৰালী , আৰতী ডেকা , ৰূপজ্যোতি গোস্বামী , অংশুমালা শইকীয়া , লিজা শইকীয়া , ৰুমী শৰ্মা , তুমণি গোস্বামী , আমিৰুণ নেচা , বন্দনা দাস আৰু হিমাশ্ৰী বৰা ৷ সভাৰ খনৰ উদ্দেশ্য বাখ্যা কৰে অৱন্তি কুমাৰ বৰাই ৷

comments

Show More

Related Articles

Close