অসম

দেশৰ ১০৮ জিলাৰ লগতে অসমৰ ৭ জিলাত মুকলি কৰা হল মিছন ইন্দ্ৰধনুষ

 

গুৱাহাটীৰ:৮অক্টোবৰ:আজিৰে পৰা দেশৰ ১০৮খন জিলাৰ লগতে অসমতো সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ আঁচনিৰ শুভাৰম্ভণি কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি মহানগৰীৰ পাণবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমতো আনুষ্ঠানিক ভাৱে মিছন ইন্দ্ৰধনুষ আঁচনি খন মুকলি কৰে । অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে ,শিশুৰ মৃত্যুৰ হাৰ কমোৱাৰ বাবে টীকাকৰণ এবিধ অস্ত্ৰ, টীকাকৰণ পিতৃ-মাতৃয়ে শিশুক দিয়া একমাত্ৰ উপহাৰ। টীকাকৰণৰ সময় জানিব লাগিব অভিভাৱকে । শিশুৰ মৃত্যুৰ হাৰ ৩% কমাবলৈ সক্ষম হৈছোঁ, সম্প্রতি পূৰ্বতকৈ শিশু মৃত্যুৰ হাৰ কমিছে । আমি ৪% কমাব লাগিব, তেতিয়াহে দেশৰ সমকক্ষ হ’ম । উল্লেখযোগ্য যে অসমৰ ৭ খন জিলা ক্ৰমে নগাঁও, গোৱালপাৰা, ধুবুৰী, চিৰাং, কোকৰাঝাৰ, কাৰ্বি আংলং আৰু দৰঙতো চলিব মিচন ইন্দ্ৰধনুষ। উক্ত অনুষ্ঠানত মহানগৰ উপায়ুক্ত এম অংগমথু আৰু স্বাস্থ্য-পৰিয়াল কল্যাণ বিভাগৰ সচিবো উপস্থিত থাকে।

comments

Show More

Related Articles

Close