অসম

আৰ পি শৰ্মাই লাগ বান্ধ নথকা কথা কৈ পৰিবেশ বিনষ্ট কৰিছে :ৰঞ্জিত দাস

 

গুৱাহাটী:৮অক্টোবৰ: অসম প্ৰদেশ বিজেপি দলৰ মাজত সৃষ্টি হোৱা সংঘাত খনে এক চুড়ান্ত পৰ্যায় অতিক্ৰম কৰিছে। বয়োজ্যেষ্ঠ দুই বিজেপি কৰ্মীৰ কমিচন আৰু ঘোষ লোৱাৰ যুদ্ধ খনে বিজেপি দলৰ ভিতৰত চৰাত ব্যাপক খলকনিৰ সৃষ্টি কৰাৰ পিছত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ।গুৱাহাটী চিকিৎসামহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বিজেপিৰ বিশেষ সাংগঠনিক সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কয় যে ,সাংসদ আৰ পি শৰ্মাৰ কথাই দলৰ বাতাবৰণ নষ্ট কৰিছে। বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বিজেপিত।লিখিত অভিযোগ নথকাৰ বাবে তেওঁৰ মন্তব্য নস্যাৎ কৰিছোঁ। তথ্য নথকাকৈ অভিযোগ কৰিছিল আৰ পি শৰ্মাই। তাৰোপৰি সাংসদ আৰ পি শৰ্মাই লাগ-বান্ধ নথকা কথা কৈ পৰিৱেশ বেয়া কৰিছে । শাসনত থাকিলে সকলোৱে মুখ চম্ভালি কথা ক’ব লাগে। ২৫ বছৰ শাসনত থাকিব বিজেপি আৰু ইয়াৰ বাবে দলৰ ভেঁটি শক্তিশালী কৰিব লাগিব বুলিও উল্লেখ ৰঞ্জিত দাসে । উল্লেখযোগ্য যে সভাত মুখ্যমন্ত্ৰী সোণোৱাল, সাংগঠনিক সম্পাদক ফণী শৰ্মা, মণ্ডল সমিতিৰ সভাপতি, সাধাৰণ সম্পাদকসকলৰ লগতে বহু নেতা-কৰ্মীও উপস্থিত থাকে। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা বৈঠকত।

comments

Show More

Related Articles

Close