অসম

শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ ২৪ সংখ্যক কেন্দ্ৰীয় শিশু ,যুৱ, আই মাতৃ সমাৰোহৰ লাই খুটা স্থাপন

গুৱাহাটী:৭অক্টোবৰ:উত্তৰ পুৱ ভাৰতৰ ধৰ্মীয় আৰু সামাজিক সাংস্কৃতিক ক্ষেত্ৰত এক সৰ্ববৃহৎ অৰাজনৈতিক সংগঠন শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ । প্ৰতি বছৰৰ দৰে এইবেলিও গুৱাহাটী মহানগৰী জিলা শাখাৰ আতিথ্যত ৰুপনগৰস্থিত তাৰিণী বালা পাঠক আই ক্ষেত্ৰত  আজি এক জাক জমকীয়া পৰিবেশত অনুষ্ঠানৰ লাই খুটা স্থাপন কৰা হয় । উল্লেখ যোগ্য যে ২৭ , ২৮ আৰু ২৯ অক্টোবৰ তাৰিখে তিনিদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত হব কেন্দ্ৰীয় শিশু ,যুৱ আৰু আই মাতৃ সমাৰোহ ।ৰুপনগৰস্থিত তাৰিণীবালা পাঠক আই ক্ষেত্ৰৰ শঙ্কৰী সংস্কৃতি কেন্দ্ৰৰ প্ৰাংগণত শনিবাৰে পুৱা ৯.৩০ বজাত অনুষ্টানৰ লাইখুটা স্থাপন কৰে সঙ্ঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই । প্ৰায় দুই শতাধিক ভক্তৰ উপস্থিতিত অনুষ্টিত লাইখুটা স্থাপন কাৰ্যসুচীত উপস্থিত থাকে সঙ্ঘৰ প্ৰধান সম্পদক প্ৰফুল্ল চন্দ্ৰ বৰাৰ লগতে বিধায়ক সিদ্ধাৰ্থ ভট্টচাৰ্য । লাইখুটা স্থাপন কাৰ্যসুচীৰ পিচতে আজি  এখনি সংবাদ মেল অনুষ্ঠিত হয়। অসম মেঘালয় অৰুণাচল প্ৰদেশ তথা পশ্চিম বংগৰ হাজাৰোধিক ভক্ত সমাগম হোৱাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰে সংবাদমেলত ।

comments

Show More

Related Articles

Close