অসম

ফিফা ,টি-২০ কলৈ মহানগৰ উপায়ুক্ত-আৰক্ষী আয়ুক্তৰ যুটীয়া সংবাদমেল

গুৱাহাটী:৭অক্টোবৰ:১৭ অনূৰ্ধ্ব ফিফা বিশ্বকাপ প্ৰতিযোগিতা আৰু ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত হ’বলগীয়া টি-২০ মেচক লৈ বিশেষ তৎপৰতা অৱলম্বন কৰিছে মহানগৰ আৰক্ষী আৰু প্ৰশাসন। খেলসমূহৰ কাৰণে গুৱাহাটীক ৬টা ছেক্টৰত ভাগ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে । প্ৰতিটো ছেক্টৰৰ দায়িত্বত থাকিব আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া। মহানগৰ উপায়ুক্ত এম অংগমুথু আৰু আৰক্ষী আয়ুক্ত হীৰেন নাথে যুটীয়াভাৱে সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে। মহানগৰীৰ আৱৰ্ত ভৱনত অনুষ্ঠিত সংবাদমেলত তেওঁ লোকে জনাই যে, প্ৰশাসনৰ অনুমতি অবিহনে কোনো ধৰণৰ হৰ্ডিং বা বেনাৰ ৰাজপথত আঁৰিব নোৱাৰিব । হৰ্ডিং সমূহ আঁৰিবলৈ প্ৰশাসনৰ অনুমতি ল’ব লাগিব । লগতে কয় যে , ৮-২৫ অক্টোবৰলৈ গুৱাহাটীত ফিফাৰ ৯খন খেল অনুষ্ঠিত হব ।খেল সমূহৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰোপৰি ১০ অক্টোবৰত বর্ষাপৰাত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হব লগীয়া টি-২০ মেচ খনোকো লৈ প্ৰশাসনে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। উল্লেখযোগ্য যে বৰ্ষাপাৰা ষ্টেডিয়ামত ২৩ হাজাৰ আসনৰ ব্যৱস্থা থকাৰ লগতে সৰুসজাই ষ্টেডিয়ামত ৫০ হাজাৰ আসনৰ ব্যৱস্থা কৰা হৈছে। ষ্টেডিয়ামৰ ভিতৰত দৰ্শক সকলে কেৱল মোবাইল, পাৰ্ছহে নিব পাৰিব । ইয়াৰ বিপৰীতে মোবাইল পাৱাৰ বেংক , ধঁপাতজাতীয় সামগ্ৰী ষ্টেডিয়ামৰ ভিতৰত নিব নোৱাৰিব দৰ্শকে । জানিব পৰা মতে বিৰাট কহলিৰ নেতৃত্বত আহিব লগীয়া ভাৰতীয় ক্ৰিকেট দলটো গুৱাহাটীত তিনি দিন থাকিব।অষ্ট্ৰেলিয়া ক্ৰিকেট দলটোও থাকিব ৩ দিন। মহানগৰীৰ ৰেডিছন ব্লু হোটেলত থাকিব দুয়োটা দল ।

comments

Show More

Related Articles

Close