অসম

মন্ত্ৰী হিমন্তক পদত্যাগৰ দাবী ৰিপুন বৰাৰ

 

গুৱাহাটী:৬অক্টোবৰ:বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসালয়ত নৱজাতকৰ মৃত্যু চিকিৎসালয় কৰ্তৃপক্ষৰ চূড়ান্ত অৱহেলা। স্বাস্থ্য মন্ত্ৰীয়ে কেৱল ক্ষমতাৰ পিছতহে দৌৰে, ৰাইজৰ সমস্যাৰ প্ৰতি গুৰুত্ব নাই ।সেই কথা বৰপেটা কাণ্ডই প্ৰমাণ কৰিলে। এই মন্তব্য ৰাজ্য সভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ ।মহানগৰীত এখন সংবাদমেল আয়োজন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে এই গুৰুতৰ অভিযোগ উত্থাপিত কৰি কয় যে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে শিশুৰ জীৱনকলৈ হেতালী খেলিছে । এই গুৰুত্ব পূৰ্ণ বিষয় এৰি দিল্লীলৈ উৰা মাৰিছে মন্ত্ৰী হিমন্ত। । স্বাস্থ্য মন্ত্ৰীয়ে বৰপেটালৈ গৈ চৰজমিন তদন্ত কৰাৰ বিপৰীতে দিল্লীলৈ উৰা মাৰিছে। হিমন্ত বিশ্ব শৰ্মা প্ৰায় ১১ বছৰ স্বাস্থ্য মন্ত্ৰী হৈ আছে। যদি মন্ত্ৰীগৰাকীয়ে কোৱাৰ দৰে পুষ্টিহীনতাৰ বাবেই শিশুকেইটা ঢুকাইছে তেন্তে ইমান দিনে কিয় ব্যৱস্থা নল’লে বুলি স্বাস্থ্য মন্ত্ৰীক প্ৰশ্ন কৰে ৰিপুণ বৰাই । তেওঁ কয় যে মন্ত্ৰী হিমন্তই কেৱল মিছা কথা কয় । দায়িত্ব পালনত সম্পূৰ্ণ ব্যর্থ হৈছে মন্ত্ৰী হিমন্ত। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক ধিক্কাৰ দি সভাপতি বৰাই কয় যে , খেলপথাৰত ভাল খেলিব নোৱাৰাজনক খেলপথাৰৰ পৰা আঁতৰাই দিয়ে ।সৰ্বায়ো আঁতৰাই দিয়ক । বৰপেটা নৱজাতকৰ মৃত্যুৰ ঘটনাক এইমছৰ শিশু বিশেষজ্ঞ আৰু অৱসৰ প্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰ নেতৃত্বত উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিব লাগে ।সংবাদমেলত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তাৎক্ষণিকভাৱে পদত্যাগ কৰাৰ দাবী জনায় সভাপতিগৰাকীয়ে ।

comments

Show More

Related Articles

Close