অসম

জনগণক খাদী,গ্ৰামাদ্যোগৰ বস্ত্ৰ ব্যৱহাৰ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

 

গুৱাহাটী:৬অক্টোবৰ:মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয় প্ৰাঙ্গণত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কৰে।সুন্দৰকৈ প্ৰতিমূৰ্তিটো সাজি উলিওৱাৰ বাবে বিশিষ্ট ভাস্কৰ্যবিদ বীৰেন সিংহক মুখ্যমন্ত্ৰী সোনোৱালে ধন্যবাদ জ্ঞাপন কৰে। অসমৰ গ্ৰাম্য অৰ্থনীতি শক্তিশালীকৰণ আৰু স্থানীয় বয়নশিল্পী সকলৰ চাহিদা বৃদ্ধিৰ নিমিত্তে চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান সমূহত খাদী আৰু গ্ৰামোদ্যোগৰ বস্ত্ৰ-সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে সকলোলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। গুৱাহাটীত এখন নতুন বিপণী খোলাৰ বাবে খাদী বোৰ্ডৰ শলাগ লোৱাৰ লগতে ৰাজ্যখনৰ আন আন নগৰ সমূহতো এনে বিপণী সম্প্ৰসাৰিত কৰাৰ কথা তেখেতে ভাষণ প্ৰসংগত ব্যক্ত কৰে।গান্ধীজীৰ মহান আদৰ্শৰে অনুপ্ৰাণিত হৈ এখন শান্তিপূৰ্ণ, ভ্ৰাতৃত্ববোধ সম্পন্ন আৰু সমৃদ্ধিশালী অসম গঢ়াৰ স্বাৰ্থত সকলোকে দৃঢ়তাৰে আত্মনিয়োগ কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

comments

Show More

Related Articles

Close