গুৱাহাটী

বিশ্বকাপক লৈ মহানগৰ যান বাহন আৰক্ষীৰ নিৰ্দেশনা

গুৱাহাটী:৬অক্টোবৰ:৮ৰ পৰা ২৫ অক্টোবৰলৈ চলিব লগা ফিফা বিশ্বকাপক লৈ মহানগৰ যান-বাহন আৰক্ষীয়ে যান বাহন চলাচলৰ দিশ সমূহত কেত বোৰ সালসলনি কৰিছে । এক সংবাদমেলৰ জৰিয়তে মহানগৰীৰ ট্ৰেফিক বিভাগে গাড়ী চলাচলৰ বাবে দিশ সমূহ নিৰ্ধাৰণ কৰি দিয়ে।দিশ সমূহ হল
(১)লখৰাৰ পৰা নালাপাৰালৈ থাকিব ন-পাৰ্কিং ।
(২)ৰাষ্ট্ৰীয় ঘাইপথত চলাচল বন্ধ থাকিব বাণিজ্যিক বাহন ।পুৱা ১০ বজাৰ পৰা বন্ধ থাকিব নিশা পৰ্যন্ত ।
(৩)২০টা স্থানৰ ব্যৱস্থা কৰা হৈছে গাড়ী পাৰ্কিঙৰ বাবে ।
৪০০০ পর্যন্ত গাড়ী পাৰ্কিংৰ ব্যৱস্থা ।
(৪)দৰ্শক সকলে ৩খন গে’টেৰে প্ৰৱেশ কৰিব পাৰিব ষ্টেডিয়ামত ।
(৫)খানাপাৰা খেলপথাৰৰ লগতে আই এছ বি টিত পাৰ্কিংৰ ব্যৱস্থা । ৮০০ যান-বাহন আৰক্ষী নিয়োজিত ।লগতে নিয়োগ কৰা হৈছে অতিৰিক্ত ৩০০ আৰক্ষী ।
(৬) ১নং ৰংমন পইণ্টেৰে কৰিব পাৰিৱ প্ৰৱেশ,
হকী ষ্টেডিয়াম, নালাপাৰা গে’টেৰেও প্ৰৱেশ কৰিব পাৰিব।

comments

Show More

Related Articles

Close