অসম

দেৱব্ৰত শইকীয়াৰ নেতৃত্বত ১৫ জনীয়া সজাতি দলে সাৎক্ষা কৰিলে কেন্দ্রীয় গৃহমন্ত্ৰী ৰাজনাথ সিংহক

 

গুৱাহাটী:৪অক্টোবৰ:অসম বিধান সভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত আজি কংগ্ৰেছ বিধায়িনী দলৰ এক সজাতি দলে কেন্দ্রীয় গৃহমন্ত্ৰী ৰাজনাথ সিংহক সাৎক্ষা কৰে ।এক প্ৰেছ বিবৃত্তিৰ জৰয়তে বিধায়নী দলৰ মুখপাত্ৰ আব্দুল খালেকে জনাই যে সজাতি দলটোয়ে বিদেশী চিনাক্তকৰণৰ নামত সেনাৰ বিষয়াক,স্বাধীনতা সংগ্ৰামীৰ পৰিয়াল ,অসম পুলিচৰ জুৱান ইত্যাদি সকলক যি হাৰাশাস্তি কৰা হৈছে সেই বিষয়ে আলোচনাৰ কৰা লগতে ডি ভোটাৰৰ গোচৰ বা বিদেশী ন্যায়াধীকৰণ গোচৰ প্ৰেৰণ কৰা হৈছে তাৰ বেছিভাগেই ভাৰতীয় নাগৰিক বুলি প্ৰতিপন্ন হোৱাৰ বিষয়ে গৃহমন্ত্ৰী ৰাজনাথ সিংহ ক দৃষ্টি আকৰ্ষণ কৰে। যেন আৰ চিৰ ক্ষেত্ৰত দুখন তালিকা নকৰি এখন তালিকা প্ৰকাশ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে ১৯৭১ চনৰ ২৫ মাৰ্চক ভিত্তি বৰ্ষ হিচাপে গ্ৰহণ কৰি শীঘ্ৰে এন আৰ চি প্ৰস্তুত কৰাৰ দাবী জনায়।ইফালে কেন্দ্রীয় গৃহমন্ত্ৰী গৰাকীৰে হোৱা আলোচনাত কংগ্ৰেছ দলে জনায় যে ,অসমত এজনো বিদেশী থকাটো কংগ্ৰেছ দলে নিবিচাৰে । বিদেশী মুক্ত অসম কংগ্ৰেছ দলৰ লক্ষ্য ।কিন্তু বিদেশী চিনাক্তকৰণৰ নামত যাতে ভাৰতীয় নাগৰিকক হাৰাশাস্তিৰ সন্মূখীন নহয় এই বিষয়ে নিশ্চিত কৰিবলৈ দাবী জনায় ।ইয়াৰোপৰি বিৰোধী দলটোয়ে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া হৰিশঙ্কৰ ব্ৰহ্ম কমিটিৰ প্রতিবেদনত প্ৰকাশ পোৱা বাংলাদেশী বিধায়ক জনৰ নাম প্ৰকাশ কৰিবলৈ তদন্ত ব্যবস্থাৰ দাবী জনোৱাৰ লগতে বিধায়ক জনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সজাতি দলটোয়ে দাবী জনায় কেন্দ্রীয় গৃহমন্ত্ৰী গৰাকীক ।উল্লেখযোগ্য যে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত যোৱা সজাতি দলটোত সাংসদ তথা নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱ ,বিধায়ক ডাঃ নজৰুল ইছলাম ,অজন্তা নেওগ ,ওয়াজেদ আলী চৌধুৰী, শুকুৰ আলী আহমেদ,আব্দুল হাই নাগৰী,কমালাক্ষ্য দে পুৰুকায়স্থ্য , আব্দুল খালেক ,আব্দুল ৰছিদ মণ্ডল ,ডাঃ মটিউৰ রহমান মণ্ডল ,ইলিয়াছ আলী ,নুৰুল হুদা,এ কে আৰ আলম ৰ লগতে জাকিৰ হুছেইন সিকদাৰ উপস্থিত থাকে।

comments

Show More

Related Articles

Close