Uncategorised

নামত হে বিজেপি কামত কংগ্ৰেছতকৈ ভয়াৱহ :দুৰ্গাদাস বড়ো

 

গুৱাহাটী :৪অক্টোবৰ: নিজ দলৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ বিৰুদ্ধে কমিচন লোৱাৰ অভিযোগ উত্থাপন কৰা সাংসদ আৰ পি শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে কংগ্ৰেছ দলৰ মুখপাত্ৰক দুৰ্গাদাস বড়ো।মহানগৰীত এক সংবাদমেল আয়োজন কৰি কংগ্ৰেছৰ মুখপাত্ৰ জনে কয় যে ,বিজেপিৰ প্ৰকৃত স্বৰূপ উদঙাই তুলি সাংসদ আৰ পি শৰ্মাই সাহসিকতাৰ পৰিচয় দিছে । যাৰ বাবে সাংসদ গৰাকীক ধন্যবাদ জ্ঞাপন কৰে কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গাদাস বড়োয়ে । ইফালে মুখ্যমন্ত্ৰী সৰ্বনন্দকো প্ৰত্যাহ্বান জনাই বড়োয়ে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখতে দুৰ্নীতিৰ কথা কৈছিল হাগ্ৰামাই, কোনোবাই টকা দিলে ল’ব লাগে বুলি কৰিছিল মন্তব্য । দুৰ্নীতিগ্ৰস্ত সকলক গ্ৰেপ্তাৰ কৰক, অখিলক গ্ৰেপ্তাৰ কৰিছে কিন্তু মন্ত্ৰী কিয় সাৰি যাব ।কুজেন্দ্ৰ দলেই স্পষ্টকৈ কৈছিল ৰঞ্জিত দত্তৰ লগত লেনদেনৰ কথা। তথাপি আজিকোপতি একো ব্যৱস্থা গ্ৰহণ কৰা নাই।পুনৰাই তেওঁ কয় যে দুৰ্নীতিৰ ষ্টাইল সলনি কৰিছে বিজেপিয়ে। দুৰ্নীতিৰ নতুন কৌশল অৱলম্বন কৰিছে বিজেপি চৰকাৰ খনে। কেৱল নামতহে বিজেপি, কামত কংগ্ৰেছতকৈও ভয়াৱহ, কেৱল নামতহে বেলেগ।

comments

Show More
Close