অসম

আজিৰে পৰা উত্তৰ পূব আকাশত উৰিব এম্ফিবিয়াছ এয়াৰক্ৰাফ্ট

 

গুৱাহাটী:৪অক্টোবৰ:আজিৰে পৰা উত্তৰ-পূবৰ আকাশত উৰিব কে অ দি আই এ চি ১০০ এম্ফিবিয়াছ এয়াৰক্ৰাফ্ট। এই এয়াৰক্ৰাফ্টখনত ৬জন যাত্ৰী বহাৰ সুবিধা থকাৰ লগতে ককপিটত অতিৰিক্ত দুজন বহিব পাৰিব। এয়াৰক্ৰাফ্ট খন ৩০০ মিটাৰৰ দৈৰ্ঘ্যৰ স্থলভাগত অৱতৰণ কৰিব পাৰিব।তদুপিৰি এই এয়াৰক্ৰাফ্টখনে পানীতো অৱতৰণ কৰিব পাৰিব। পৰ্যটন আৰু দুৰ্যোগৰ সময়ত উদ্ধাৰৰ ব্যৱস্থা আছে এয়াৰক্ৰাফ্টখনত। উল্লেখযোগ্য যে এই এয়াৰক্ৰাফ্ট খন আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈত আন্তৰ্জাতিক বিমানবন্দৰত আনুষ্ঠানিক ভাৱে শুভাৰম্ভণি কৰে কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জয়ন্ত সিনহাই।উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো ।

comments

Show More

Related Articles

Close