অসম

গুৱাহাটীত শিশু জ্ঞানোৎসোৱ

৯-১৫অক্টোবৰলৈ গুৱাহাটী অভিযান্ত্ৰিক খেল পথাৰত অনুষ্ঠিত হব অনুষ্ঠান

 

গুৱাহাটী:৩অক্টোবৰ: ৯ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ গুৱাহাটীৰ অভিযান্ত্ৰিক খেলপথাৰত চলিব ত্ৰয়োদশ শিশু জ্ঞানোৎসৱ। উল্লেখযোগ্য যে
ইউনিচেফ , অসমৰ সহযোগত , অন্বেষা আৰু ৰাজ্যিক শিশু সুৰক্ষা সমিতি ৰ যুটীয়া উদ্যোগত আয়োজন কৰা শিশু জ্ঞানোৎসবৰ উদ্দেশ্যৰ সম্বন্ধে আয়োজক সমিতিয়ে জনাই যে ,শিশুসকলক কিতাপ বিচিত্র জগতখনৰ সৈতে চিনাকি কৰাই দি তেওঁলোকৰ মাজত পঠন অভ্যাস গঢ়ি তোলা আৰু পাঠ্যপুথি,শ্ৰেণীকোঠাৰ বাহিৰৰ জগতখনৰ সৈতে চিনাকি কৰাই দি তেওঁলোকৰ মাজত এক সামগ্ৰিক শিক্ষা ,জীৱন ৰুদ্ধৰ আগ্ৰহ সৃষ্টি কৰা ।ইফালে শিশু সকলৰ জ্ঞানৰ পৰিসৰ বহল আৰু মুকলি কৰিবলৈ গ্ৰন্থ মেলা ,গ্ৰন্থ সমদল যাত্ৰা ,ৰং মেলা ,সাধু কোৱা কৰ্মশালা ,বিজ্ঞানীৰ সৈতে মুখামুখি ,কুইজ আদিৰ অনুষ্ঠান আয়োজন কৰাৰ কথাও সদৰী কৰে আয়োজক সমিতিয়ে।ইয়াৰোপৰি মননশীল আলোচনা চক্ৰৰ লগতে থাকিব ‘সেউজ গুৱাহাটী’ নামৰ শীৰ্ষক এখন প্ৰদৰ্শনীও।

comments

Show More

Related Articles

Close